/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4659237e-5c8e-4f07-8a9a-921c32f1b078/lovlina_29.jpg)
অসম বিধানসভাই লাভলীনালৈ জনালে শুভেচ্ছাঃ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে আৰ্থিক পুৰস্কাৰ...
ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ হৈ শুভেচ্ছা জনাই শেহতীয়াকৈ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী লাভলীনা বৰগোহাঁইক। ৰাহুল গান্ধী বিষয়ক আলোচনাৰ পাছতেই বিধানসভাৰ অধ্যক্ষই সদনত এক অভিনন্দন পত্ৰ পাঠ কৰি আহি থকা দিনবোৰত লাভলীনা বৰগোহাঁইৰ আৰু অধিক সফলতাৰ কামণা কৰে।
ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সফলতাৰ বাবে বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলি সদনক জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মঙ্গলবাৰে ৰাজ্য সভাতো লাভলীনাৰ লগতে স্বৰ্ণ পদক জয় কৰা ৪ গৰাকী বক্সাৰক অভিনন্দ জ্ঞাপন কৰিছিল। সদ্য সমাপ্ত প্ৰতিযোগিতাখনত লাভলীনাই অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিছিল।
অলিম্পিকত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনাই এইবাৰৰ প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপখনত ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিছিল। অলিম্পিকৰ পৰা ৬৯ কেজি শাখা প্ৰত্যাহাৰ কৰাৰ বাবেই তেওঁ ৱেইট কেটেগৰী সলাবলৈ বাধ্য হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ৩ বাৰকৈ এই প্ৰতিযোগিতাখনত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us