উত্তপ্ত সদন : 'ৰাহুল'ক লৈ বিজেপি-কংগ্ৰেছৰ ৰণ...

উত্তপ্ত সদন : 'ৰাহুল'ক লৈ বিজেপি-কংগ্ৰেছৰ ৰণ...
উত্তপ্ত সদন : 'ৰাহুল'ক লৈ বিজেপি-কংগ্ৰেছৰ ৰণ...

মৃদুল কুমাৰ সন্দিকৈ

ৰাহুল গান্ধীক লৈ এইবাৰ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ যুঁজ চলিল অসম বিধানসভাত। এই যুঁজত শাসকীয় বিজেপি পক্ষই কাৰ্যতঃ জয়ী হ'ল। সুবিধা পায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক অপৰিপক্ক নেতা আখ্যা দিলে।

বিৰোধীয়ে ক'লা পোচাক পৰিধান কৰি আহি বিধানসভাৰ মজিয়াত প্ৰায়ম ডেৰ ঘণ্টা সময় এই যুঁজ চলালে। শেহতীয়াকৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ আৰু ৮ বছৰৰ বাবে নিলম্বন কৰাটো অগণতান্ত্ৰিক আখ্যা দিছি বিৰোধীয়ে।

বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া আৰু উপ-দলপতি ৰকিবুল হুছেইনে এখন জাননীৰ জৰিয়তে সভাস্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰিছিল। বিৰোধীৰ যুক্তি আছিল আইনগত দৃষ্টিৰে নহয়, ৰাজনৈতিক দৃষ্টি কোণেৰে ৰাহুল গান্ধীৰ ওপৰত শাসক পক্ষই ষড়যন্ত্ৰমূলক সিদ্ধান্ত গ্ৰহণ কৰিছে।

গণতন্ত্ৰৰ প্ৰতি এয়া ভাবুকি বুলি উল্লেখ কৰি ইয়াৰ অপব্যৱহাৰ যাতে নহয় তাৰ প্ৰতি সজাগ, সচেতন হৈ বিধানসভাৰ মজিয়াত এই বিষয়টো উত্থাপনৰ প্ৰস্তাৱ দিছিল। বিবিচিয়ে প্ৰস্তাৱ কৰা তথ্য চিত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কৰা অভিযোগ আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে অসম বিধানসভাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

অনুৰূপ ধৰণে ৰাষ্ট্ৰপতিলৈ সংবিধানৰ সুৰক্ষা নিশ্চিত কৰাৰ বাৰ্তাৰে এক প্ৰস্তাৱ গ্ৰহণৰো আহ্বান জনাইছিল কংগ্ৰেছে। এই প্ৰস্তাৱ নিসন্দেহে শাসকীয় পক্ষই কেতিয়াও গ্ৰহণ কৰিব নিদিবই। বিষয়টোক লৈ বিৰোধী পক্ষই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বক্তব্য আগবঢ়াবলৈ লওতেই এক হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰে।

প্ৰতিবাদমুখৰ হৈ পৰে ২৯ মাৰ্চ, ২০২৩ ৰ দিনা অসম বিধানসভা। কোনো কাৰো কথা নুশুনা এক পৰিৱেশ। আসনৰ পৰা উঠি গৈ কংগ্ৰেছৰ বিধায়ক একাংশই প্ৰতিবাদ কৰাত শাসকীয় পক্ষই উভতি ধৰে কংগ্ৰেছক।

কিয় মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিবলৈ সাহস নাই বুলি শাসকীয় বিধায়কসকল জাঙুৰ খাই উঠে। তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়েও কংগ্ৰেছৰ বিধায়কসকলক কাপুৰুষ আখ্যা দিয়ে। এই প্ৰতিবাদত অংশ লৈছিল অখিল গগৈয়ে। অখিল গগৈৰ প্ৰতি মুখ্যমন্ত্ৰীৰ কটাক্ষ আছিল কেতিয়াৰ পৰা অখিল গগৈ কংগ্ৰেছ হ'ল? ৰাহুল গান্ধী তেওঁৰ নেতা নে বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।

৩ গৰাকীকৈ বিধায়কক সদনৰ পৰা নিলম্বন কৰা হয় আৰু সদন ২০ মিনিটৰ বাবে স্থগিত কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিৰোধী পক্ষক উত্তৰ দি মুখ্যমন্ত্ৰীয়ে ন্যায় ব্যৱস্থাই প্ৰদান কৰা এক ৰায়ক লৈ কোনো কাৰণতে সদনত আলোচনা কৰাতো সম্ভৱ নহয় বুলি উল্লেখ কৰে।

২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে দিয়া ৰায় আৰু চুৰাটৰ আদালতে ৰাহুল গান্ধী সন্দৰ্ভত দিয়া ৰায়লৈ অসম বিধানসভাত আলোচনা কৰাৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰসংগক্ৰমে উল্লেখ কৰে ৰাহুল গান্ধীয়ে ২০১৩ত কপিল চিব্বালে উত্থাপন কৰিব লোৱা এখন বিধেয়কৰ কথা।

যিখন বিধেয়কত কোনো জনপ্ৰতিনিধিয়ে ২ বছৰ বা তাতোকৈ অধিক সময়ৰ বাবে কাৰাদণ্ডৰ শাস্তিৰ সন্মুখীন হ'লে সদস্য পদ খাৰিজ লগে লগে নহ'ব বুলি আইন প্ৰৱৰ্তন কৰিব লোৱা হৈছিল। উচ্চতম ন্যায়ালয়ে তৎকালে বলৱৎ হোৱাকৈ সদস্যপদ খাৰিজ হ'ব বুলি ৰায়দান কৰিছিল ২০১৩ ৰ এক গোচৰত।

দ্যা পিপুল এক্ট ১৯৫১ ৰ ৮(৩) আৰু ৮(৪) ৰ ধাৰাত জনপ্ৰতিনিধিৰ সদস্যপদ খাৰিজ হ'ব বুলি উল্লেখ আছে যদিও শীৰ্ষ আদালতত আৱেদনৰ বাবে ৩ মাহ সময় দিছিল অপৰাধত অভিযুক্ত জনপ্ৰতিনিধিক। কিন্তু উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক পুনৰ বিবেচনা কৰিবলৈ তেতিয়াৰ ইউ পি এ চৰকাৰে আৱেদন জনাইছিল যদিও সেয়া অগ্ৰাহ্য কৰিছিল ন্যায়ালয়ে।

তাৰ পাছতেই এখন বিধেয়কৰ জৰিয়তে অপৰাধত অভিযুক্ত হৈ শাস্তিৰ সন্মুখীন হৈ জনপ্ৰতিনিধিয়ে আন অধিকাৰ নাপালেও ৩ মাহলৈকে তেওঁৰ বিধায়ক বা সাংসদ পদ খাৰিজ কৰিব নোৱাৰিব বুলি আইন প্ৰৱৰ্তন কৰিবলৈ লৈছিল। এই কথাত বাধা দিছিল ৰাহুল গান্ধীয়ে।

ফালি পেলাইছিল সেই বিধেয়ক। তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুৰ্খাৰ্জীৰ টেবুলৰ পৰা ঘূৰাই অনা হৈছিল ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে পঠিওৱা বিধেয়কখন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই কথা উল্লেখ কৰি কৈছিল তেতিয়া এনে এখন বিধেয়ক গৃহীত হোৱা হ'লে আজি ৰাহুল গান্ধীৰ এই অৱস্থা নহ'লহেতেন।

বিৰোধী কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ মাজতে উত্তৰ দিছিল যে, ৰাহুল গান্ধীয়ে ভবা নাছিল এদিন বিজেপিয়ে এটা মানহানিৰ গোচৰৰ আলম লৈ এনে ষড়যন্ত্ৰ ৰচিব। মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ আছিল তাৰমানে ৰাহুল গান্ধী যে অপৰিপক্ক সেই কথা আপোনালোকে নিজ মুখেই ক'লে আজি।

ভাৰতীয় সংবিধানত বহু দিশ দোমোজাত ৰৈ যায় নেকি? এই প্ৰশ্ন বিৰোধীৰ কথা আৰু শাসকীয়ৰ বক্তব্য শুনাৰ পাছত অনুভৱ হয়। কিয়নো শাসকীয় পক্ষই সংবিধানৰ দোহাই দি ৰাহুল গান্ধীৰ বিৰুদ্ধে গ্ৰহণ কৰা খৰটকীয়া ব্যৱস্থাক অগণতান্ত্ৰিক আখ্যা দিছে।

শাসকীয় পক্ষয়ো তেনে কিছু গণতান্ত্ৰিক নীতি নিয়মৰ কথা দোহাই দি বিৰোধীৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। অসম বিধানসভাত ৰাহুল গান্ধী জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গ'ল। একেদৰে বিজেপি বিধায়কসকলে ৰাহুল গান্ধীক পাপ্পু আখ্যা দি বহু সময় ধৰি চিঞঁৰ-বাখৰ কৰি থাকিলে।

বিধানসভা অধ্যক্ষই শেষত কংগ্ৰেছে অনা এই সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে। যিটোৱেই হ'ব বুলি সকলোৱেই জানিছিল। এটা কথা ঠিক যে সদনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সন্মুখত নিস্তেজ হৈ ৰ'ল বিৰোধী। বিৰোধীয়ে কোনো সুযোগেই ল'ব নোৱাৰিলে। বৰঞ্চ মুখ্যমন্ত্ৰীয়ে বিৰোধীক ক'লে- চি এল পিত সদনত ৰাহুল গান্ধীৰ বিষয়টোক লৈ কি সিদ্ধান্ত বিৰোধীয়ে লৈছিল সেয়া তেওঁ আগতেই জানিছিল। বিৰোধী পক্ষত তেওঁৰ গুপ্তচৰ আছে।

বিৰোধীয়ে বিষয়টো আপত্তি কৰাত অসম বিধানসভাৰ অধ্যক্ষই সদনৰ কাৰ্যক্ৰমণিকাৰ পৰা সেই শব্দ প্ৰত্যাহাৰ কৰিলে। ৰাহুল গান্ধীক বিষয়টো কেৱল কংগ্ৰেছৰ বিষয় হৈ নাছিল। বিৰোধী পক্ষৰ বাবে ইয়াৰ সৱল উপস্থাপনৰ পূৰ্ণ সুযোগ আছিল।

লক্ষ্যদ্বীপত আদালতৰ শাস্তিৰ সন্মুখীন হোৱা এজন বিজেপিৰ সাংসদৰ ক্ষেত্ৰত ৰাহুল গান্ধীৰ দৰে ব্যৱস্থা লোৱা নহ'ল। আগদিনা ৰায়দান কৰাৰ পাছত পিছদিনাই সাংসদ পদ খাৰিজ, অযোগ্য ঘোষণা, বাসগৃহৰ পৰা উলিয়াই দিয়া আদি ক্ষীপ্ৰতাৰে হ'ল যদিও লক্ষ্যদ্বীপৰ এইগৰাকী জনপ্ৰতিনিধিৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ অনুমোদন লাগিব বুলি কোৱা হ'ল।

সদনত হোৱা ৰাহুল কেন্দ্ৰিক এই যুঁজত বিৰোধীক ধাৰাশায়ী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সৰ্বসাধাৰণৰ দৃষ্টিত বেকফুটত শাসকীয় দলটো। ৰাহুল গান্ধীয়ে বিনম্ৰতাৰে সকলো মানি লৈছে। আনকি সাংসদ হিচাপে তেওঁ লাভ কৰা চৰকাৰী বাসগৃহটো লগে লগে এৰি দিছে।

ৰাজনীতিত দেখা আৰু আঁৰৰ বহু কথা থাকে। বিজেপিয়ে গান্ধীক পাপ্পু সজালেও ৰাহুল গান্ধীয়ে শীৰ্ষ আদালতলৈ এই ৰায়ৰ বিৰুদ্ধে আৱেদন কৰিবলৈ নোযোৱাৰ সিদ্ধান্ত লৈছে। এতিয়া শাসকীয় দলে ৰাহুল গান্ধীক কাৰাগাৰলৈ পঠালে তেওঁলোকৰ ৰাজনৈতিক ক্ষতি কিধৰণে হ'ব সেই বোৰ কথাও চিন্তা কৰিবলগীয়া হৈছে।

উত্তপ্ত সদন : 'ৰাহুল'ক লৈ বিজেপি-কংগ্ৰেছৰ ৰণ...
নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিনঃ ১০ মে'ত এইখন ৰাজ্যত হ'ব নিৰ্বাচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in