টি জি বৰুৱা সোঁৱৰণী মিডিয়া ক্ৰিকেটৰ ছেমিত অসমীয়া প্ৰতিদিন, প্ৰাগ নিউজ

অসমীয়া প্ৰতিদিনৰ ৰোমাৰিঅ' মেচৰ শ্ৰেষ্ঠ
টি জি বৰুৱা সোঁৱৰণী মিডিয়া ক্ৰিকেটৰ ছেমিত অসমীয়া প্ৰতিদিন, প্ৰাগ নিউজ
টি জি বৰুৱা সোঁৱৰণী মিডিয়া ক্ৰিকেটৰ ছেমিত অসমীয়া প্ৰতিদিন, প্ৰাগ নিউজ

ডিজিটেল সংবাদ গুৱাহাটীঃ অসমীয়া প্রতিদিন আৰু প্ৰাগ নিউজ একাদশ বার্ষিক টি জি বৰুৱা সোঁৱৰণী মিডিয়া টি-২০ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্রৱেশ কৰিছে। জজ খেলপথাৰত সোমবাৰে অনুষ্ঠিত এখন কোৱাৰ্টাৰ ফাইনেলত অসমীয়া প্রতিদিনে সাত উইকেটত এন বি নিউজক পৰাস্ত কৰে।

প্রথমে বেটিং কৰি এন বি নিউজে নৱজ্যোতি তালুকদাৰৰ ৩১ ৰানৰ সহায়ত ১৮.৩ অ'ভাৰত ১০০ ৰাণত ইনিংছ সামৰে। অসমীয়া প্রতিদিনৰ হৈ ৰোমাৰিঅ' শৰ্মাই হেটট্রিকসহ চাৰিটা তথা বিতোপন কোঁৱৰ আৰু মনজিৎ শৰ্মাই দুটাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ৰোমাৰিঅ'ৰ অপৰাজিত ২৮ আৰু তৌহিদ আলী তালুকদাৰৰ ২৩ ৰাণৰ সহায়ত অসমীয়া প্রতিদিনে ৯.৩ অ'ভাৰত তিনিটা উইকেট হেৰুৱাই জয়ী হয়। মেচৰ শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় ৰোমাৰিঅ'।

আনখন কোৱাৰ্টাৰ ফাইনেলত প্রাগ নিউজে ১০৩ ৰাণত নিউজ ১৮ক পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি প্ৰাগ নিউজে মৃগাংক শৰ্মাৰ অপৰাজিত ৭৬, অমিত দাসৰ ৩৩ আৰু বিনয় বাছফৰৰ অপৰাজিত ২৪ ৰাণৰ সহায়ত পাঁচটা উইকেট হেৰুৱাই ১৬২ ৰাণ কৰে। প্রত্যুত্তৰত নৱজ্যোতি গোহাঁইৰ ২৫ ৰাণৰ সহায়ত নিউজ ১৮ দলে ১৪.১ অ'ভাৰত মাত্র ৫৯ ৰাণতে ইনিংছ সামৰে। সঞ্জীৱ নাৰায়ণে পাঁচটা আৰু সঞ্জিত বাছফৰে দুটা উইকেট লাভ কৰে।

টি জি বৰুৱা সোঁৱৰণী মিডিয়া ক্ৰিকেটৰ ছেমিত অসমীয়া প্ৰতিদিন, প্ৰাগ নিউজ
ঢকুৱাখনাত মুখ্যমন্ত্ৰীৰ ১২ হাজাৰ হিতাধিকাৰীক ভূমি পট্টা বিতৰণ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in