ঢকুৱাখনাত মুখ্যমন্ত্ৰীৰ ১২ হাজাৰ হিতাধিকাৰীক ভূমি পট্টা বিতৰণ..

ঢকুৱাখনাত হ'ব জিলা অসামৰিক চিকিৎসালয়...
ঢকুৱাখনাত মুখ্যমন্ত্ৰীৰ ১২ হাজাৰ হিতাধিকাৰীক ভূমি পট্টা বিতৰণ..
ঢকুৱাখনাত মুখ্যমন্ত্ৰীৰ ১২ হাজাৰ হিতাধিকাৰীক ভূমি পট্টা বিতৰণ..

ডিজিটেল সংবাদ ঢকুৱাখনা: ''আমাৰ দল আৰু চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি প্ৰতিটো পালন কৰি আহিছো। এক লাখ চাকৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতি পালন কৰি ইতিমধ্যে ৯৬ হাজাৰ চাকৰি দিলোঁ আৰু ৩৫ হাজাৰ চাকৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰেচন কাৰ্ড নোহোৱা ৪২ লাখ পৰিয়ালক প্ৰদান কৰা হৈছে ৰেচন কাৰ্ড। ঢকুৱাখনাবাসীক দিয়া প্ৰতিশ্ৰুতিও মোৰ মনত আছে। ঢকুৱাখনাত জিলা অসামৰিক চিকিৎসালয় স্থাপনৰ বাবে মই দিয়া প্ৰতিশ্ৰুতিও মই পালন কৰিম। কিছু কাৰিকৰী অসুবিধাৰ অহাৰ বাবে পলম হৈছে। কিন্তু সময়ত এই প্ৰতিশ্ৰুতিও পালন কৰিম।''

ঢকুৱাখনাবাসীয়ে দীৰ্ঘ দিন ধৰি জিলা অসামৰিক চিকিৎসালয় স্থাপনৰ বাবে চলাই অহা গণতান্ত্ৰিক দাবীৰ প্ৰতি ইতিবাচক ইংগিত দি সোমবাৰে এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগৰ মিছন বসুন্ধৰা ২.০ ৰ অধীনত ঢকুৱাখনা বিধানসভা সমষ্টিৰ মুঠ ১১হাজাৰ ৪৪৩ গৰাকী ভূমিহীন খিলঞ্জীয়াৰ মাজত ভূমি পট্টা বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ঢকুৱাখনা মহকুমা সদৰৰ ৰাজহুৱা খেলপথাৰ প্ৰাঙ্গনত অনুষ্ঠিত জনাকীৰ্ণ সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় লখিমপুৰ জিলাত চিকিৎসা মহাবিদ্যালয় হ'ল ধেমাজি জিলাতো চিকিৎসা মহাবিদ্যালয় হ'ল। এক পইচা নিদিয়াকৈ লাখ লাখ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিছে।

একালত অধিকাৰ বিচাৰি ৰাজপথত আন্দোলন কৰি এক অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা অৱস্থাৰ অৱসান ঘটিল। ৰাজ্যত মানুহৰ চিন্তাশক্তিৰ পৰিবৰ্তন ঘটিল। অসম প্ৰগতিৰ পথত আগুৱাই গৈছে। অনাগত সময়ত অসমে বিশ্বৰ মানচিত্ৰত নিজৰ সফলতাৰ নাম খোদিত কৰিবলৈ সক্ষম হ'ব।

আজি বিয়লি ৪-২০ বজাত হেলিকপ্টাৰ যোগে ঢকুৱাখনাত অৱতৰণ কৰি অংশগ্ৰহণ কৰে এই ভূমি পট্টা প্ৰদান অনুষ্ঠানত। এই উপলক্ষত ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত জনাকীৰ্ণ মুকলি সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ লক্ষ্যৰে প্ৰবৰ্তিত মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে ঢকুৱাখনা সমষ্টিৰ প্ৰায় ১২ হাজাৰ ভূমিহীন পৰিয়ালে ভূমি পট্টা লাভ কৰা বুলি কৈ অনাগত সময়ত মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমি পট্টা লাভ নকৰা পৰিয়াল আৰু বিভিন্ন ৰাজহুৱা অনুষ্ঠানকো ভূমি পট্টা প্ৰদান কৰিব বুলি নিশ্চয়তা প্ৰদান কৰে।

পৰিয়াল কেন্দ্ৰীক বিবাদ নিস্পতিৰ বাবে এজমালী পট্টাও পৃথকীকৰণ কৰাৰ ব্যৱস্থা হাতত ল'ব বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰখনৰ ২৮ মহীয়া কাৰ্যকালত গ্ৰহণ কৰা বিভিন্ন জনহিতৈষী আঁচনিৰ অবলোকন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় মাজুলীক পথ সংযোগ কৰাৰ বাবে এখন দলং নিৰ্মাণৰ দাবী উঠিছিল।

আমি মাজুলীৰ সৈতে পথ যোগাযোগ ৰক্ষাৰ বাবে দুখন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। চেলেক ধুনাগুৰি দলঙৰ কাম তীব্ৰ গতিত চলি আছে ব্ৰহ্মপুত্ৰৰ দলংৰ সমান্তৰালভাৱে। কোনোকালে নভবা দিজমুৰ-চিচি -টেকেলিফুটা হৈ মাজুলী সংযোগী মথাউৰী বনাম পকীপথ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা, গেৰুৱা নেতা জগদীশ দত্ত, বসন্ত শইকীয়া, প্ৰদীপ চমুৱা, আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা জনাকীৰ্ণ সভাত লখিমপুৰ জিলাৰ জিলা আয়ুক্ত গায়ত্ৰী হাৰলিংগে আদৰণি ভাষণ আগবঢ়াই।

ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱায়ো বক্তব্য ৰখা পট্টা বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ হাতে ৪ গৰাকী হিতাধিকাৰীক ভূমি পট্টা প্ৰদান কৰি পট্টা বিতৰণ পৰ্বৰ শুভাৰম্ভ কৰি ধেমাজীলৈ স্থল পথেৰে ৰাওনা হয় । মঙ্গলবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজিৰ কাৰেং চাপৰিত পৰা পুৱা ৯-৩০ বজাত এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰিব।

ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ ওপৰত নিৰ্মিত পকী পথেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশাল বাইক ৰেলী কৰি মাজুলীত উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰিব। প্ৰায় ১০ সহস্ৰাধিক ৰাইজ উপস্থিত থকা পট্টা বিতৰণ অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীয়ে উপস্থিত ৰাইজক সন্মোহিত কৰে।

ঢকুৱাখনাত মুখ্যমন্ত্ৰীৰ ১২ হাজাৰ হিতাধিকাৰীক ভূমি পট্টা বিতৰণ..
গহপুৰ-বিহালীত আপৰ কৰ্মকৰ্তা সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in