ভাৰতীয় আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত মুখ ঠেকেচা কাশ্মীৰ ফাইলছৰ

ভাৰতীয় আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত মুখ ঠেকেচা কাশ্মীৰ ফাইলছৰ

ডিজিটেল ডেস্ক : ভাৰতীয় আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত মুখ ঠেকেচা খালে কাশ্মীৰ ফাইলছে । মহোৎসৱখনিৰ ৫৩ সংখ্যক সমাৰোহত প্ৰতিযোগিতামূলক শাখাৰ বাবে পঠিওৱা হৈছিল এই চলচিত্ৰখন । ইয়াৰ পাছতেই বিচাৰক মণ্ডলীৰ মুৰব্বী তথা ইজৰাইলী চলচিত্ৰ পৰিচালক নাদাভ লাপিডে অতি ক্ষোভেৰে ব্যক্ত কৰে যে, প্ৰতিযোগিতামূলক শাখাত থকা ১৫ খন চলচিত্ৰৰ ১৪ খনেই আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ কিন্তু কাশ্মীৰ ফাইলছ যেন এক অপপ্ৰচাৰ আৰু অভিসন্ধিৰ লক্ষ্যেৰে হে পঠিওৱা হৈছে মহোৎসৱ খনলৈ ।

লাপিডে কেৱল ইয়াতেই ক্ষান্ত নাথাকি চলচিত্ৰ খনিক সময় আৰু স্থান সাপেক্ষে অশ্লীল বুলিও মন্তব্য কৰে । কোনো কলাত্মক বৈশিষ্ট্য নথকাৰ পাছতো মহোৎসৱলৈ নিৰ্বাচিত হোৱাৰ বাবেও আশ্চৰ্য প্ৰকাশ কৰে নাভাদ লাপিডে ।

উল্লেখ্য যে, নাদাভ লাপিড হৈছে ২০১৯ চনৰ বাৰ্লিন আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱৰ গোল্ডেন বীএৰ বঁটা প্ৰাপক । তেখেতৰ চলচিত্ৰ 'চিন'নিমচ' অথবা 'প্ৰতিশব্দ'ৰ বাবে লাভ কৰিছিল এই বঁটা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in