এছিয়ান গেমছত জয়ছোৱালৰ শতকেৰে ছেমি ফাইনেললৈ ভাৰতীয় ক্ৰিকেটৰ দল

এছিয়ান গেমছত জয়ছোৱালৰ শতকেৰে ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় ক্ৰিকেটৰ দল।

author-image
Asomiya Pratidin
New Update
এছিয়ান গেমছত জয়ছোৱালৰ শতকেৰে ছেমি ফাইনেললৈ ভাৰতীয় ক্ৰিকেটৰ দল

ডিজিটেল ডেস্কঃ এছিয়ান গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত নেপালৰ বিৰুদ্ধে জয় লাভ ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ। মঙলবাৰে অনুষ্ঠিত হোৱা খেলখনত জয় লাভ কৰাৰ পাছতেই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। উল্লেখ্য যে, ২৩ ৰাণৰ ব্যৱধানত জয় লাভ কৰিছে ভাৰতীয় ক্ৰিকেট বাহিনীয়ে।

Advertisment

কোৱাৰ্টাৰ ফাইনেল খেলখনত ভাৰতীয় বেটছমেন যশস্বী জয়ছোৱালে শতক অৰ্জন কৰিছে। ৪৮ টা বলত শতক অৰ্জন কৰে জয়ছোৱালে। উল্লেখ্য যে, শতকত ৮ টা ৪ আৰু ৭ টা ৬ কোবাই ভাৰতীয় বেটছমেনজনে। টি-২০ আন্তৰ্জাতিকত জয়ছোৱালৰ এয়া প্ৰথম শতক। ভাৰতীয় বেটছমেনজনে খেলখনৰ আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা দেখা গৈছিল।

Also Read: শীঘ্রে অসম জাতীয় পৰিষদলৈ কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত !

INDIAN CRICKET TEAM Asian Games 2023