শীঘ্রে অসম জাতীয় পৰিষদলৈ কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত !

শীঘ্রে অসম জাতীয় পৰিষদলৈ কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত !

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই শীঘ্রে যোগদান কৰিব অসম জাতীয় পৰিষদত। কেইবাগৰাকীও ৰাজনৈতিক নেতা-নেত্রীসহ এজেপিত যোগদান কৰিব দত্তই। সোমবাৰৰ সন্ধিয়াৰ পৰা এই চৰ্চা চলিছে ৰাজনৈতিক মহলত।

উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ 'এক অসম যাত্রা’ কাৰ্যসূচীৰ বাবে শিৱসাগৰত সোমবাৰৰ দিনটোত উপস্থিত হয় দলটোৰ নেতৃত্ব। সন্ধিয়াৰ ভাগত দলটোৰ নেতৃত্বৰ সৈতে অংকিতা দত্তৰে গোপন বৈঠকত বহাৰ পিছতে দত্তই অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি চৰ্চা চলিছে।

দত্তৰে হোৱা বৈঠকত দলৰ আন আন সদস্য লগতে সভাপতি লুৰীনজ্যোতি গগৈ, দুলু আহমেদ উপস্থিত আছিল। এই বৈঠকৰ পাছতেই অচিৰেই এজেপিত যোগদানৰ সম্ভাৱনা অংকিতাসহ আন কেইবাগৰাকী নেতাৰ।

শীঘ্রে অসম জাতীয় পৰিষদলৈ কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত !
ৰক্তাক্ত আলফাৰ (স্বাঃ)ৰ শিবিৰঃ দুই কেডাৰক মৃত্যুদণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in