ডিজিটেল ডেস্কঃ চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছত ১০০তকৈ অধিক পদক লাভ কৰাৰ লক্ষ্য ভাৰতৰ। ভাৰতৰ খেলুৱৈ সকল যি ধৰণে এছিয়ান গেমছত প্ৰদৰ্শন আগবঢ়াইছে তাৰ পৰা অনুমান কৰিব পাৰি যে ভাৰত নিজৰ লক্ষ্যৰ পৰা বেছি দূৰত নাই।
এইবাৰ আশা কৰা হৈছে যে ভাৰতে ১০০ টা পদক লাভ কৰি নতুন ইতিহাস ৰচিব। বৰ্তমানলৈকে ভাৰতে ৭২ টা পদক লাভ কৰিছে। ইয়াৰ ভিতৰত ১৬ টা সোণৰ পদত, ২৬ টা ৰূপৰ আৰু ৩০ টা ব্ৰঞ্জৰ পদক আছে।
ইয়াৰ পূৰ্বে ২০১৮ চনত ভাৰতে ৭০ টা পদক লাভ কৰিছিল। ইয়াৰ ভিতৰত আছিল ১৬ টা সোণৰ, ২৩ টা ৰূপ আৰু ৩১ টা ব্ৰঞ্জৰ। ইতিমধ্যেই পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি ভাৰতে বৰ্তমানলৈ সৰ্বাধিক পদক লাভ কৰিলে।
এছিয়ান গেমছত বহুতো খেলুৱৈ দল আৰু নিজাববীয়াকৈ খেলি আছে। জেভলিনত নীৰজ ছোপ্ৰাৰ পদক লাভৰ আশা থকাৰ লগতে বক্সিঙৰ লাভলীনা বৰগোহাঁইৰ পদক নিশ্চিত। মহিলা আৰু পুৰুষৰ হকী দলৰ পৰাও আশা আছে। ইয়াৰোপৰি আৰু বিভিন্ন খেলত ভাৰতে পদক লাভৰ আশংকা আছে।