বিদেশ ভ্ৰমণত মুখ্যমন্ত্ৰীৰ সৈতে কোন ৰহস্যময়ী মহিলা?

বিদেশ ভ্ৰমণত মুখ্যমন্ত্ৰীৰ সৈতে কোন ৰহস্যময়ী মহিলা?

ডিজিটেল ডেস্কঃ বিদেশ ভ্ৰমণৰ সময়ত কোন মহিলা গৈছিল মুখ্যমন্ত্ৰীৰ সৈতে ? ৰহস্যময়ী মহিলাৰ আঁৰৰ কাহিনী ওলাই পৰাৰ লগে লগে বহু বিতৰ্কৰ অৱসান ঘটিল। অৱশেষত এই প্ৰশ্নৰ উত্তৰ দিলে খোদ মুখ্যমন্ত্ৰীয়ে।

উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বিগত বৰ্ষত ভেটিকেন চিটিলৈ গৈছিল আৰু সেই সময়ত তেওঁৰ লগত এগৰাকী মহিলা আছিল। তাৰপাছতে বিৰোধীয়ে এই মহিলাগৰাকীক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

এই ৰহস্যৰ শাম কাটি বিজেডি অধ্যক্ষ নবীন পাটনায়কে বিধানসভাত কয় যে উক্ত মহিলাগৰাকীৰ নাম শ্ৰদ্ধা আৰু তেওঁ এগৰাকী ফিজিঅথেৰাপিষ্ট।

উৰিষ্যাৰ শৰতকালীন অধিৱেশন শেষ হোৱাৰ পূৰ্বে এই প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁ মোৰ ফিজিঅথেৰাপিষ্ট আছিল। আৰু তেওঁ নাম শ্ৰদ্ধা।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ভগ্নী গীতা মেহতাই শ্ৰদ্ধাক তেওঁৰ লগত পঠিয়াইছিল। তেওঁ লগতে কয় যে, শ্ৰদ্ধা চৰকাৰী আৱাসত নাছিল আৰু তেওঁৰ খৰচ উৰিষ্যা চৰকাৰে বহন কৰা নাছিল।

ৰাজ্যখনৰ বিৰোধী দল বিজেপিয়ে 'মুখ্যমন্ত্ৰীৰ সৈতে ৰহস্যময়ী মহিলা' বুলি বিতৰ্কৰ সৃষ্টি কৰিছিল। বিগত জুন মাহত ভেটিকেন চিটিত মুখ্যমন্ত্ৰীৰ যাত্ৰাৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে বিষয়টো চৰ্চাৰ বিন্দু হৈ পৰিছিল।

বিদেশ ভ্ৰমণত মুখ্যমন্ত্ৰীৰ সৈতে কোন ৰহস্যময়ী মহিলা?
কাশী-বিশ্বনাথ দৰ্শন কৰি অহাৰ পথতেই দুৰ্ঘটনাঃ নিহত একেটা পৰিয়ালৰ ৮ জন, প্ৰাণ ৰক্ষা ৩ বছৰীয়া শিশুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in