চীনৰ এছিয়ান গেমছত পদক জয়ৰ বাবে সাজু ৭ অসমীয়া...

চীনৰ এছিয়ান গেমছত পদক জয়ৰ বাবে সাজু ৭ অসমীয়া...
চীনৰ এছিয়ান গেমছত পদক জয়ৰ বাবে সাজু ৭ অসমীয়া...

ডিজিটেল ডেস্কঃ চীনৰ হাংজও প্ৰদেশত ২৩ ছেপ্টেম্বৰ শনিবাৰৰ পৰা ৮ অক্টোবৰলৈকে অনুষ্ঠিত হ’ব এছিয়ান গেমছ-২০২২। উল্লেখ্য যে, ২০২২ তে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিড-১৯ য়ে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে ২০২৩ লৈ পিছুৱাই দিয়া হৈছিল। সেয়েহে অফিচিয়েলি এই প্ৰতিযোগিতাখনক এছিয়ান গেমছ-২০২২ বুলিয়েই কোৱা হ’ব।

এইবাৰ প্ৰতিযোগিতাখনত মুঠ ৪০ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে এই ৪০ বিধ খেলতেই প্ৰতিদ্বন্দিতা আগবঢ়াব। ইতিমধ্যে এই প্ৰতিযোগিতাখনত ভাগ ল’বলৈ ভাৰতীয় দলটো চীনত গৈ উপস্থিত হৈছেগৈ। ভাৰতীয় দলটোত অনৰ্ভুক্ত কৰা হৈছে ৬৫৫ গৰাকী খেলুৱৈ।  

উল্লেখ্য যে, এছিয়ান গেমছৰ ইতিহাসত এইবাৰেই আটাইতকৈ বেছি খেলুৱৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে জাকাৰটাত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে সৰ্বাধিক ৫৭০ গৰাকী খেলুৱৈ প্ৰেৰণ কৰিছিল। এই খেলুৱৈসকলে ৩৬ বিধ খেলত অংশগ্ৰহণ কৰিছিল।

ইফালে এই প্ৰতিযোগিতাখনত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসমৰ অভিলেখসংখ্যক ৭ গৰাকীকৈ খেলুৱৈ। এই খেলুৱৈসকলৰ ভিতৰত আছে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, অলিম্পিয়ান শিৱ থাপা, অম্লান বৰগোহাঁই, শিৱাংগী শৰ্মা, উমা ছেত্ৰী, প্ৰিয়া দেৱী আৰু অস্মিতা চলিহা।

আনহাতে অসমক গৌৰৱান্বিত কৰা আন এক খবৰ হৈছে এই প্ৰতিযোগিতাখনত ভাৰতৰ ধ্বজাবহন কৰিব অসম কন্যা লাভলীনা বৰগোহাঁইয়ে।তেওঁ ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙৰ সৈতে এই ধ্বজা বহন কৰিব।

প্ৰতিযোগিতাখনত লাভলীনা বৰগোহাঁইয়ে মহিলাৰ ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব। আনহাতে শিৱ থাপাই পুৰুষৰ ৬৩.৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব। শিৱাংগী শৰ্মাই সাঁতোৰ উমা ছেত্ৰীয়ে ক্ৰিকেট, প্ৰিয়া দেৱীয়ে ছেপাক টাকৰ’, ট্ৰেক এণ্ড ফিল্ডত অম্লান বৰগোহাঁইয়ে আৰু বেডমিণ্টনত অস্মিতা চলিহাই দেশক প্ৰতিনিধিত্ব কৰিব।  

চীনৰ এছিয়ান গেমছত পদক জয়ৰ বাবে সাজু ৭ অসমীয়া...
শনিবৰাৰ পৰা এছিয়ান গেমছঃ অৰুণাচলৰ খেলুৱৈক চীনলৈ যোৱাত বাধা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in