শনিবৰাৰ পৰা এছিয়ান গেমছঃ অৰুণাচলৰ খেলুৱৈক চীনলৈ যোৱাত বাধা...

শনিবৰাৰ পৰা এছিয়ান গেমছঃ অৰুণাচলৰ খেলুৱৈক চীনলৈ যোৱাত বাধা...

author-image
Asomiya Pratidin
New Update
শনিবৰাৰ পৰা এছিয়ান গেমছঃ অৰুণাচলৰ খেলুৱৈক চীনলৈ যোৱাত বাধা...

শনিবৰাৰ পৰা এছিয়ান গেমছঃ অৰুণাচলৰ খেলুৱৈক চীনলৈ যোৱাত বাধা...

 ডিজিটেল ডেস্কঃ ২৩ ছেপ্টেম্বৰ শনিবাৰৰ পৰা চীনৰ হাংজও প্ৰদেশত অনুষ্ঠিত হ'ব এছিয়ান গেমছ। ৮ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে ভাৰতীয় খেলুৱৈসকল চীনলৈ ৰাওনা হৈছে।

Advertisment

এইবাৰ প্ৰতিযোগিতাখনত ভাগ ল'বলৈ মুঠ ৬৫৫ জন খেলুৱৈ ৰাওনা হৈছে যদিও ইয়াৰে ৩ গৰাকী উশ্বু খেলুৱৈক চীনলৈ উৰা মৰা বিমানত উঠাত বাধা প্ৰদান কৰিলে কৰ্তৃপক্ষই। এই তিনিগৰাকী খেলুৱৈ ক্ৰমে নেইমান ৱাংশ্বু, অনিলু টেগা আৰু মেপুং লামগু।

ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ চীনলৈ যাত্ৰা কৰিব লোৱা এই তিনিওগৰাকী খেলুৱৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ। জানিব পৰা মতে এই তিনিওগৰাকী খেলুৱৈৰ এজনে এক্ৰিডিয়েশ্যন লাভ কৰিছিল যদিও আন দুজন খেলুৱৈয়ে এক্ৰিডিয়েশ্যন লাভৰ বাবে অপেক্ষা কৰি আছিল।

কিন্তু তাৰ মাজতে বুধবাৰে ভাৰতীয় খেলুৱৈসকল চীনলৈ ৰাওনা হয়। কিন্তু এই তিনিওগৰাকী খেলুৱৈক বিমানত উঠাত বাধা প্ৰদান কৰে। ফলত তিনিওগৰাকী খেলুৱৈকে চীনৰ পৰিৱৰ্তে দিল্লীৰ ছাই ষ্টেডিয়ামৰ হোষ্টেললৈ ঘূৰাই অনা হয়।

ইতিমধ্যে চীনত উপস্থিত হোৱা ভাৰতীয় উশ্বু দলটোৰ আন আন সদস্যসকলে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি এই তিনিওগৰাকী ভাৰতীয় খেলুৱৈক চীনত প্ৰৱেশত বাধা দিয়া বিষয়টো সন্দৰ্ভত এছিয়ান গেমছ আয়োজক সমিতি আৰু অলিম্পিক কাউঞ্চিল অফ এছিয়াৰ সন্মুখত উত্থাপন কৰা হৈছে। তেওঁলোকে আশা কৰিছে শীঘ্ৰে এই সমস্যাৰ অন্ত পৰিব।

এই সন্দৰ্ভত এছিয়ান গেমছৰ বাবে যোৱা ভাৰতীয় দলটোৰ ছীফ দি মিশ্যন ভূপিন্দৰ সিঙে জনোৱা অনুসৰি এই তিনিওগৰাকী খেলুৱৈৰ এক্ৰিডিয়েশ্যনক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছে। যাৰ বাবে তেওঁলোকে বিমানত উঠিব নোৱাৰিলে।

অৱশ্যে শুকুৰবাৰে সন্ধিয়ালৈকে তেওঁলোক চীনলৈ যাত্ৰা কৰাৰ বাট মুকলি হোৱাৰ আশা আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে অৰুণাচলৰ উশ্বু খেলুৱৈক চীনলৈ যোৱাৰ বাবে ভিছা প্ৰদান কৰা নাছিল।

চীনে অৰুণাচলক লৈ শেহতীয়াকৈ নানান বিতৰ্কৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ চীনে অৰুণাচলৰ ভূখণ্ডক তেওঁলোকৰ বুলি দাবী কৰি আহিছে। যাৰ পৰিপ্ৰেক্ষিতত অৰুণাচলৰ খেলুৱৈৰ সৈতে এনে আচৰণ অব্যাহত ৰাখিছে।

Also Read: গৌৰৱৰ ক্ষণঃ দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাওঁ হিচাপে স্বীকৃত বিশ্বনাথ ঘাট...

এছিয়ান গেমছ