/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f2a229d9-cf62-4a60-a7d9-b07bc7ad1a2e/AP_FOR_WEB_asian.jpg)
ডিজিটেল ডেস্কঃ চীনৰ হাংঝৌত অনুষ্ঠিত হ'ব ১৯ সংখ্যক এছিয়ান গেমছ। ইতিমধ্যে ভাৰতীয় খেলুৱৈ সকল বৃহস্পতিবাৰেই ৰাওনা হৈছে চীনলৈ। কিন্তু ভাৰতৰ ৩ গৰাকী মুখ্য খেলুৱৈক চীন চৰকাৰে এছিয়ান গেমছ-২০২৩ ত অংশগ্ৰহণত বাধা প্ৰদান কৰে।
এই তিনিওগৰাকী খেলুৱৈ অৰুণাচল প্ৰদেশৰ নাইমান ৱাংচু, অনিল টেগা আৰু মেপুংগ লামগু। ২৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ বাবে এই তিনিগৰাকী খেলুৱৈও চীনলৈ যোৱাৰ কথা আছিল।
হাংঝৌ এছিয়ান গেমছ আয়োজক সমিতিয়ে ইতিমধ্যে প্ৰতিগৰাকী খেলুৱৈৰ স্বীকৃতি কাৰ্ড প্ৰেৰণ কৰিছিল। এই কাৰ্ডে ভিছাৰ দৰে কাম কৰে। খেলুৱৈসকলে কেৱল তেওঁলোকৰ ভ্ৰমণ নথিপত্ৰ ডাউনলোড কৰিব লাগে। চীনত উপস্থিত হোৱাৰ পাছত সেয়া পৰীক্ষা কৰা হয়।
খেলুৱৈ সকলে ২০ ছেপ্টেম্বৰত চীনলৈ যোৱাৰ কথা আছিল। কিন্তু অৰুণাচলৰ ৩ গৰাকী খেলুৱৈৰ নথি পত্ৰ ডাউনলোড কৰিব পৰা নগ'ল। বাকী অন্য খেলুৱৈ সকলৰ কোনো সমস্যা নহ'ল। এই দলটোত ১০ গৰাকী খেলুৱৈৰ লগতে কোচিং ষ্টাফো আছিল।
নথি পত্ৰ ডাউনলোড কৰিব নোৱাৰাৰ পৰা এই তিনিগৰাকী খেলুৱৈ চীনলৈ যাব নোৱাৰিলে। এই সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰে। এই বিষয়টো ৱুচু এছ'চিয়েচন অৱ ইণ্ডিয়াৰ (ডব্লিউএআই) সভাপতি আৰু এছিয়ান গেমছৰ বাবে ভাৰতৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপিন্দৰ সিং বাজৱাইও এইচএজিঅ'চি আৰু এছিয়াৰ অলিম্পিক পৰিষদৰ ওচৰতো উত্থাপন কৰে। কিন্তু এতিয়ালৈকে সঁহাৰি পোৱা নাই।
ইয়াৰ মাজতে খেল মন্ত্ৰী অনুৰাগ ঠাকুৰে বাতিল কৰে চীন ভ্ৰমণৰ কাৰ্যসূচী। শুকুৰবাৰে চৰকাৰে এক বিবৃতিত কয়, ভাৰত চৰকাৰে জানিব পাৰিছে যে চীনৰ হাংঝৌত অনুষ্ঠিত ১৯ সংখ্যক এছিয়ান গেমছত অৰুণাচল প্ৰদেশৰ ভাৰতীয় খেলুৱৈক প্ৰৱেশত বাধা দিছে। ইচ্ছাকৃতভাৱে ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা বুলি কয় ভাৰত চৰকাৰে।
Also Read: অমৃত কাল !