অমৃত কাল !

 অমৃত কাল !

মৃদুল কুমাৰ সন্দিকৈ

অমৃত কলহ ওলাইছে এইবাৰ! সেই অমৃত কলহত ভৰোৱা হৈছে মাটি। এতিয়া যে দেশত অমৃত কাল চলিছে। চৌদিশে অমৃতৰ সমাহাৰ ঘটিছে। অমৃত বৃক্ষৰ পাছত অমৃত কলহ। কিন্তু এই অমৃত কলহে জনসাধাৰণৰ কি উপকাৰ সাধিব তাক লৈ সন্ধিহান ৰাইজ।

"মোৰ মাটি, মোৰ দেশ"। বৰ সুন্দৰ শ্লোগান। মাটিতকৈ ওপৰত একো নাই। মাটিৰ গোন্ধই সৃষ্টিৰ তাড়না, দেশ প্ৰেমৰ উন্মাদনা জাগৃত কৰে। সেই মাটিকলৈ ক'ত সৃষ্টি, ক'ত কাহিনী।

২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে সমগ্ৰ দেশত অমৃত কলহৰ যাত্ৰা। অসমতো সেইদিনাৰ পৰাই আৰম্ভ হৈছে এই অভিযান। লক্ষ্য প্ৰতিখন চোতালৰ পৰা পৱিত্ৰ ভূমি দেশৰ ৰাজধানী নতুন দিল্লীৰ অমৃত বাটিকাৰ উদ্যানলৈ লৈ যোৱা হ'ব।

প্ৰতিখন গাঁও, নিৰ্বাচিত পৌৰসভাৰ পৰা এমুঠি মাটি নতুবা এমুঠি চাউল সংগ্ৰহৰ এই অভিযান ১ অক্টোবৰ ২০২৩ লৈ চলিব। সেই মাটি ২ অক্টোবৰত গাঁও বা ৱাৰ্ডৰ পৰা গাঁও পঞ্চায়ত, পৌৰ সভালৈ কলহত ভৰাই নিয়া হ'ব। চলিব বীৰৰ বন্দনা।

৮ আৰু ১৫ অক্টোবৰত সেই দুটা দিনৰ ভিতৰত কোনোবা এটা দিনত গাঁও পঞ্চায়ত আৰু পৌৰ সভাৰ পৰা অমৃত কলহৰ মাটি উন্নয়ন খণ্ডলৈ নিব। ২৫ অক্টোবৰত উন্নয়নখণ্ডত গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰিব। তাতেই দুটা পিতলৰ কলহত মাটি বা চাউল ভৰাই গুৱাহাটীমুখী অমৃত কলহৰ যাত্ৰাৰ ফ্লেগঅফ কৰিব।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ অনা হ'ব ৫৪০ টা অমৃত কলহ। ২৬ অক্টোবৰত সেই কলহবোৰ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাবহি। তাৰেই ২৭০ টা কলহ গহপুুৰত নিৰ্মাণৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ বাবে নিব আৰু আন ২৭০ টা কলহ উঠাই দিব গুৱাহাটীত ৰাজধানী এক্সপ্ৰেছত।

সেই কলহৰ দায়িত্বত থাকিব নিৰ্বাচিত যুৱক-যুৱতী। তেওঁলোকে কলহ সমূহ লৈ ২৭ অক্টোবৰত দিল্লী অভিমুখে যাত্ৰা কৰিব। ২৮ অক্টোবৰত নতুন দিল্লী পাবগৈ অমৃত কলহবোৰ। অসম হাউচলৈ নিয়া হ'ব প্ৰৱাসী অসমীয়াৰ সহযোগত। তাৰপাছতেই সেই অমৃত কলহত ভৰাই নিয়া মাটি দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নিৰ্মীয়মান অমৃত উদ্যানত ব্যৱহাৰ কৰিব।

এই অমৃত কলহৰ জৰিয়তে মাটি সংগ্ৰহৰ নামত কিমান ধন ব্যয় হ'ব। দেশপ্ৰেমক জাগ্ৰত কৰাৰ নামত এয়া ৰাজনীতিৰ অদৃশ্য অংক নেকি? তেনে ধাৰণাও মানুহৰ মনত এই কৰ্মকাণ্ডবোৰ দেখি জাগ্ৰত নোহোৱাকৈ থকা নাই।

আমাক লাগে অমৃত পানী! পৰিস্কাৰ পানীৰ অভাৱ বহু গাঁও, বহু চহৰত। আনকি গুৱাহাটীতো খোৱাপানীৰ সমস্যা এক ডাঙৰ সমস্যা। আমাক লাগে অমৃত স্বাস্থ্য। স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবি ভিতৰুৱা গাঁৱে-ভূঞে অকল্পনীয়।

বয়-বস্তুৰ দাম কিমান বাঢ়িছে, কিমান বাঢ়িব পাৰে তাৰ হিচাপ ৰাখিব পৰা ক্ষমতা সাধাৰণলোকৰ নোহোৱা হৈছে। ৩৫ টকীয়া চাউলৰ মূল্য একেকোবে ৫ টকাকৈ প্ৰতিকেজিত বাঢ়ি ৪০ টকা হৈছিলহে, আকৌ বাঢ়িল ৫টকা। এতিয়া ৪৫ টকা হ'ল এক কেজি সাধাৰণ চাউলৰ মূল্য।

আন সা-সামগ্ৰীৰ দামৰো একেই অৱস্থা। সেয়েহে সাধাৰণলোকক লাগে এতিয়া সকাহ পাব পৰা অমৃত মূল্য। অমৃত জীৱন মানুহে আশা কৰে। য'ত নাথাকে বিভেদ, হিংসা। সম্প্ৰীতিৰে গঢ়া এখন সঁচা মানুহৰ মানৱতাৰে ভৰা পৃথিৱী কামনা কৰে জনতাই।

হিন্দু-মুছলমান তেওঁলোকৰ ধৰ্মৰ পৰিচয় হ'ব পাৰে, হজৰত-ৰাম তেওঁলোকৰ পূজ্য। কিন্তু তেওঁলোকে ৰাম-হজৰতক লৈ কোনোদিনে ৰাজনীতি নকৰে, ৰাজনীতি কৰিব নোখোজে। তাতেইতো আছে জীৱনৰ অমৃত।

দেশবাসীয়ে বিচাৰে অমৃত ৰাজনীতি। য'ত সাম্প্ৰদায়িকতাৰ স্থান নাথাকে। উন্নয়ন আৰু প্ৰগতিৰ সপোন থাকে। থাকে চন্দ্ৰযান-৩, আদিত্য-এল ১ ৰ দৰে সফলতাৰ চানেকি। কিন্তু অমৃত কালৰ কথা কোৱা এচাম ৰাজনীতিবিদৰ মুখত এই সময়তো আদিম যুগৰ বাণী। তেওঁলোক আধুনিক মনৰ কিজানি হ'ব নোৱাৰিবই কাহানিও।

লাগে আমাক অমৃত বাট-পথ, অমৃত সংস্থাপন। এইবোৰৰ সলনি অমৃত কালত অমৃতৰ সন্ধান তেওঁলোকে বিচাৰি পাইছে আন ক'ৰবাত। হয়তো এনেকৈয়ে ধন্য হৈছে তেওঁলোক। ধন্য কৰিছে ৰাজনীতিক। তেওঁলোকৰ চিন্তাৰ দৌৰ কেৱল ক্ষমতাকেন্দ্ৰিক। সাধাৰণ মানুহক আৱেগিক কৰিব পৰা এনে কিছু বিষয়ক আধাৰ কৰি অমৃত কালৰ কথা আওৰাই আৰু বা কি কৰে সেয়া চাই থকাৰ বাদে উপায় নাই আমাৰ।

অমৃত বৃক্ষবোৰ ৰোপন হ'ল। এই বৃক্ষৰোপনৰ নামত অভিলেখ গঢ়াৰ অভিপ্ৰায় পূৰণ হ'ল। কিন্তু ইয়াৰ প্ৰকৃত লক্ষ্য উদ্দেশ্য সফল হ'ল নে তাৰ বিচাৰ কৰাৰ বাবে কাৰোৱেই আজৰি নহ'ল। অভিলেখৰ পাছত অভিলেখ গঢ়ি অভিলেখৰ গৰাকী হোৱাৰ ক্ষমতাবান মানুহবোৰে উপলব্ধিয়ে যদি নকৰে প্ৰকৃত বাস্তৱক তেন্তে কাৰ সাধ্য এইবোৰ আঙুলিয়াই দিয়াৰ।

বোৱাৰী-জীয়াৰীয়ে হাঁহিছে। অমৃত কলহৰ কথা তেওঁলোকে বুজা নাই। সাধাৰণ মানুহৰ বাবে অমৃত দেৱতাৰ যোগ্য। যাৰ অৰ্থ অমৰত্ব। এনে অমৃত কালৰ থাকিবনে সেই স্থায়ীত্ব। ধন্য হৈছে এই জীৱন। গৰলকো যদি তেওঁলোকে অমৃত বুলি পান কৰিবলৈ দিছে মানুহে তাকেই কৰিছে।

বোধগম্য হোৱাজনে মনে মনে হাঁহিছে। দেশত কি অমৃত কাল চলিছে সেয়া বুজি উঠিছে।তথাপিও তেওঁলোকৰ পৃষ্ঠপোষকতাত এতিয়া অমৃত আন্দোলন চলি আছে। 'অচ্ছে' দিনৰ পাছত এতিয়া অমৃতৰ কাল। কিয়নো ২০২৪ লৈ আৰু নাই বেছি দিন।

 অমৃত কাল !
শুকুৰ আলি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in