এছিয়া কাপঃ চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিব ভাৰত…

এছিয়া কাপঃ চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিব ভাৰত…

author-image
asomiyapratidin
New Update
এছিয়া কাপঃ চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিব ভাৰত…

ডিজিটেল ডেস্ক : প্ৰায় এবছৰৰ মূৰত ২৮ আগষ্ট দেওবাৰে মৰুৰ দেশ ডুবাইৰ খেলপথাৰত নামিব দুই বৈৰী শক্তি ভাৰত আৰু পাকিস্তান। ভাৰত আৰু পাকিস্তানৰ মেচ মানেই হাইভ'ল্টেজ,অনুৰাগীৰ উত্তেজনা।উত্তেজনাময় মেচখনৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছে দৰ্শক। ভাৰতীয় সময় অনুসৰি দেওবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব ভাৰত-পাকিস্তানৰ মাজৰ খেলখন।

Advertisment

পূৰ্ণশক্তিৰে নামিব ৰোহিত বাহিনী। প্ৰতিপক্ষ বাবৰ আজম নেতৃত্বাধীন পাকিস্তানো কোনো গুণে কম নহয়। কিয়নো ২০২১ চনৰ টি-২০ বিশ্বকাপত ১০ উইকেটত ভাৰতক পৰাস্ত কৰি দৰ্পচূৰ্ণ কৰিছিল পাকিস্তানে। সেই ভুলৰ পুণৰাবৃত্তি নকৰাৰ লক্ষ্যৰে যুঁজত নামিব ভাৰত। আনহাতে ভাৰত আৰু পাকিস্তানৰ খেলখন ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এই খেল সম্প্ৰচাৰিত হ'ব ষ্টাৰ নেটৱৰ্কত ।

আৰু পঢ়কঃ অসম চাহ নিগমৰ ২,৫০০ কোটিৰ সম্পত্তি গটাব ৩৫ কোটিত…

pakistan india bcci pcb asia cup22