অসম চাহ নিগমৰ ২,৫০০ কোটিৰ সম্পত্তি গটাব ৩৫ কোটিত…

অসম চাহ নিগমৰ ২,৫০০ কোটিৰ সম্পত্তি গটাব ৩৫ কোটিত…

সমগ্ৰ দেশত এতিয়া বিক্ৰীৰ অভিযান। ৰে'ল সেৱা, বায়ু সেৱাৰ পৰা আৰম্ভ কৰি বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰও এফালৰ পৰা গতাই দিব খোজা হৈছ ব্যক্তিগত বণিয়াৰ হাতত। কিছুদিন পূৰ্বে কেন্দ্ৰ চৰকাৰৰ হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ অসমৰ দুটাকৈ কাগজকল বণিয়াক গটাব খোজা হৈছিল। ভাগ্যে যেনিবা অসম চৰকাৰৰ সু বুদ্ধিত এয়া ৰাজ্য চৰকাৰে ক্ৰয় কৰি ল'লে। কিন্তু এইবাৰ ৰাজ্যখনৰে সম্পদ অসম চাহ নিগমক খোদ চৰকাৰৰে অনুমোদনত গটাব খোজা হৈছে বণিয়াক। ১২খন কৈ চাহ বাগিছা ৩৫ কোটি টকাৰ বিনিময়ত লীজ চুক্তিত গতাই দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে। তাৰেই ওপৰত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

দেশে স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়তে প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী বৰ্ষ গৰকা অসম চাহ নিগমৰ ১২খন চাহ বাগিছাক দিছপুৰীয়া আমোলা আৰু মন্ত্ৰীয়ে মিলি কেইজনমান লাভখোৰ বণিয়াৰ হাতত গতাই দিবলৈ ওলাইছে।

লোকচানৰ অজুহাতত ১৯৭২ চনতে ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় কেইগৰাকীমান ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা অসম চাহ নিগমৰ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্যই আছিল সেই সময়ত ব্যক্তিগত মালিকে বিনিয়োজন ত্যাগ কৰাৰ ফলত দুৰ্ভিক্ষ আৰু দুৰ্দশাত বন্যপ্ৰাণীতকৈয়ো দুৰ্বিহস জীৱন যাপন কৰা লক্ষ্যাধিক চাহ বনুৱাৰ সংস্থাপনৰ ব্যৱস্থা কৰা।

ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰাৰম্ভিক পুঁজি হিচাপে ব্যয় কৰিব লগা হৈছিল মাত্ৰ ২ কোটি টকা। সেই ২ কোটি টকাৰ ওপৰত ভিত্তি কৰি ১৫খন চাহ বাগিছাৰ জৰাজীৰ্ণ অৱস্থা দূৰ কৰি একাংশ কৰ্মচাৰী-বিষয়াই মিলি ১৫খন চাহ বাগিছাৰ অধিকাংশৰে প্ৰাণ সঞ্চাৰ কৰিছিল।

এই চাহ বাগিছা সমূহৰ ভিতৰত জয়মতী চিনেমা খ্যাত জ্যোতিপ্ৰসাদৰ স্মৃতি বিজৰিত ভোলাগুৰি চাহ বাগিছাও আছিল। এ টি চিক সহযোগতে ভোলাগুৰি চাহ তেতিয়াই হৈ উঠিছিল আজিৰ গুৱাহাটীৰ জ্যোতি চিত্ৰবন। কেৱল সেয়াই নহয় দেশৰ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজি, মুখ্যমন্ত্ৰীৰ পুঁজি আৰু অন্যান্য অনুষ্ঠানলৈয়ো বাগিছাৰ আৰ্জিত পুঁজিৰে সাহায্য আগবঢ়াইছিল অসম চাহ নিগমে।

এফালে ১৫ হাজাৰৰো শ্ৰমিকৰ ভৰণ পোষণ, সামাজিক দায়িত্ব পালনৰ লগতে ম্যাদ উকলা বাগিছাৰ নতুন চাহ পুলি ৰোপনৰ উপৰি অচল হৈ পৰি ৰোৱা ১০ টা কলঘৰৰ বিপৰীতে ৭ টা কলঘৰক সচল কৰি তোলাতো কল্পনাতীতভাৱে সফলাধীন হৈছিল চাহ নিলামৰ এই নিষ্ঠাবান বিষয়া কৰ্মচাৰীসকল।

কিন্তু ২০০০ চনৰ পিছৰ পৰা এই নিগমৰ কাৰ্যালয়ত যেন শনিৰ প্ৰৱেশ ঘটিল। শনি, ৰাহু, কেতু আদি গ্ৰহৰ দৰে একাংশ দুষ্ট পদস্থ আমোলা-বিষয়াই গ্ৰাস কৰি ল'লে নিগমৰ অধীনস্থ বগিছা সমূহ। চৰকাৰৰ দায়িত্বহীনতা আৰু ৩৫ বছৰৰ পিছত উৎপাদন দিব নোৱাৰা চাহ গছ উঠাই সেই স্থানত নতুন চাহ পুলি ৰোপনৰ কোনো পৰিকল্পনাই বিগত ২২ বছৰত লোৱা নহ'ল।

ধাৰাবাহিকভাৱে চলা এনে অৱহেলাৰ পৰিণতিতে এতিয়া চৰকাৰৰ বাবে বোজা হৈ পৰিছে ১৫ হাজাৰ হেক্টৰতকৈও অধিক মাটি সামৰি থকা অসম চাহ নিগমৰ অধীনস্থ ১৫খন চাহ বাগিছা। লগে লগে আহিছে এই চাহ বাগিছাসমূহ কিদৰে লীজ অথবা বিক্ৰীৰে কাৰোবাৰ হাতত গটাই ১৫ হাজাৰ শ্ৰমিক-কৰ্মচাৰীৰ বোজাৰ পৰাও নিজকে চৰকাৰে মুক্ত কৰিব পাৰে সেই পৰিকল্পনা ৰূপায়ন কৰা।

অতি শেহতীয়াকৈ এনে পৰিকল্পনাক চূড়ান্ত ৰূপ দিয়াৰ বাবেই ৰাজ্যৰ বাহিৰৰ এটা কোম্পানী ভেলোৱাৰ হিচাপে নিয়োগ কৰি বিশাল পৰিমাণৰ ভূমি সম্পত্তি, চাহ গছ, কলঘৰ, হাস্পতাল ভৱন, বিদ্যালয় ভৱন আৰু শ্ৰমিক কৰ্মচাৰীৰ আবাসিক ভৱন সমূহৰ সহিতে ইয়াৰ মূল্যমান নিৰ্ধাৰণৰ ব্যৱস্থা কৰা হৈছে।

Deloite নামৰ এই প্ৰতিষ্ঠানটোৱে অতি আশ্বৰ্যজনক ভাৱে পানীতকৈয়ে কম মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ ওপৰতে ভিত্তি কৰি বৃহৎ পৰিমাণৰ ভূখণ্ডৰ সৈতে ক্লাষ্টাৰ ব্যৱস্থা অনুযায়ী নিগমৰ অধীনস্থ দীপলিং, নেঘেৰীটিং, লংগাই, চিনামৰা, চৈকটা, আমলখি, ডিজু ভেলী, নাগিনীজান, ইচাবিল, লুংচুং, বিদ্যানগৰ, ৰাজাবাৰী এই ১২খন চাহ বাগিছা ৩০ বছৰৰ বাবে মাত্ৰ ৩৫ কোটি টকাত লীজত দিয়াৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।

বিশাল ভূ সম্পত্তিৰ এই বাগিছা সমূহ ৩০ বছৰৰ বাবে লীজৰ বাবে লোৱা আন এক চৰ্ত হ'ল – উৎপাদনশীল বাগিছাসমূহৰ উৎপাদিত শুকান চাহপাতৰ প্ৰতিকিলোৰ বিপৰীতে ২ টকাকৈ নিগমক দিব লাগিব। সেই অনুযায়ী ক্লাষ্টাৰ ভিত্তিত নিবিদাৰ বাবে নিৰ্ধাৰণ কৰা এই ক্লাষ্টাৰ কেইটা ক্ৰমে ১. শিৱসাগৰ ক্লাষ্টাৰত দীপলিং আৰু ৰজাবাৰী চাহ বাগিছা, ২. যোৰহাটৰ ক্লাষ্টাৰত নাগিনীজান আৰু চৈকটা চাহ বাগিছা, ৩. গোলাঘাট ক্লাষ্টাৰত নেঘেৰীটিং, মিচামৰা আৰু ৰঙামাটি চাহ বাগিছা, ৪. নগাঁও ক্লাষ্টাৰত আমলখি, লুংচুং আৰু ডিজু ভেলী, ৫. কৰিমগঞ্জ ক্লাষ্টাৰত ইচাবিল আৰু লংগাই চাহ বাগিছা।

অৱশ্যে ভোলাগুৰিকে ধৰি নিগমৰ আন ৩খন বাগিছা সদ্যসতে আঁতৰাই ৰখা হৈছে যদিও বাকী ১২খন বাগিছাৰ বাবে ইতিমধ্যে জালিংগা টি কোম্পানী, বোকাহোলা টি কোম্পানী, খনা টি কোম্পানী আৰু ৰতনপুৰ টি কোম্পানী দাখিল কৰা নিবিদাৰ ভিত্তিত ৫ টা ক্লাষ্টাৰৰ ১২খন বাগিছা গতাই দিয়াৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰি তোলা হৈছে।

এই নিবিদাকাৰীৰ ভিতৰত চিলিগুৰিৰ কোম্পানীও আছে। আশ্বৰ্যজনক কথা এয়ে যে এই ১২খন চাহ বাগিছাৰ নামত থকা মুঠ মাটিৰ পৰিমাণ হ'ল ১৫,৭০৯.১৭ হেক্টৰ। ইয়াৰে ৭,৬৪৮.০৯ হেক্টৰ মাটিতে আছে চাহ গছ। ইয়াৰে ৫,৩১০.৪৫ হেক্টৰ মাটিৰ চাহ গছ উৎপাদনক্ষম হৈ আছে।

ইয়াৰ বাহিৰে বাকী ৫ হাজাৰ হেক্টৰ মাটিৰে ১,৫৬২ হেক্টৰ মাটি আছে শ্ৰমিক-কৰ্মচাৰীৰ আবাসৰ উপৰি অন্যান্য অংশত আছে ফেক্টৰী, চিকিৎসালয়, কাৰ্যালয়কে ধৰি অন্যান্য সম্পত্তি। কিন্তু আশ্বৰ্যজনক কথাতো হ'ল ৰাজহ বিভাগৰ তথ্য অনুযায়ী বৰ্তমান প্ৰায় পৰিতপ্ত হৈ পৰা একোখন বাগিছাৰ কেৱল মাটিৰ মূল্যই ১০ কোটি টকাৰো অধিক।

সেই হিচাবেৰে চাবলৈ গ'লে ১২খন চাহ বাগিছা থকা ১৫ হাজাৰ হেক্টৰ মাটি, উৎপাদনক্ষম চাহ গছ, কলঘৰ আৰু আবাসীক ভৱনৰ মুঠ মূল্য হ'ব লাগে সাধাৰণ ভাৱেও ২০০০ৰ পৰা ২,৫০০ কোটি টকা। কিন্তু চাহ নিগমে শ্ৰমিকৰ দায়-দায়িত্ব আৰু বাকেয়া বিদ্যুতৰ বিলকে ধৰি অন্যান্য অজুহাত দেখুৱাই এই ২,৫০০ কোটি সম্পত্তি কেইজনমান প্ৰভাৱশালী বণিয়াক মাত্ৰ ৩৫ কোটি টকাত গটাই দিব বিচাৰিছে।

উল্লেখ কৰাৰ প্ৰয়োজন যে বিগত ৩ বছৰ কাৰ্যনিৰ্বাহ কৰা কাঠাৰ্পি উপাধিক জনৈক মহিলা পৰিচালন সঞ্চালকক অস্ত্ৰ ৰূপে ব্যৱহাৰ কৰি দিছপুৰত অতিকে প্ৰভাৱ থকা কেইগৰাকীমান প্ৰাক্তন বিপ্লৱী বণিয়াই অসমৰ এক বিশাল সম্ভাৱনাপূৰ্ণ সম্পদক এনেদৰে গ্ৰাস কৰাৰ প্ৰক্ৰিয়া চূড়ান্ত কৰি তুলিছে। বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা পৰিচালন সঞ্চালকগৰাকীয়ে এই চক্ৰটোৰ ধমকত মাত্ৰ ছীল মোহৰ মাৰিছে বুলিও অভিযোগ উঠিছে।

ইফালে অসম চাহ মজদুৰ সংঘৰ লগতে অসম চাহ নিগম কৰ্মচাৰী সংঘয়ো ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি চৰকাৰৰ ওচৰত আৰ্জী পেছ কৰি মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে যদিও সেয়া কাৰ্যকৰী হোৱা নাই। আনহাতে এই বিষয়ে সংবাদ মাধ্যমত সবিশেষ তথ্য আৰু অভিসন্ধি বা-বাতৰি প্ৰকাশ পাইছে যদিও ৰাজ্যৰ জাতীয় সংগঠন সমূহ এই ক্ষেত্ৰত নিমাতে থকাতোও ৰহস্য আৰু সন্দেহজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in