পাকিস্তানৰ 'ক্ৰিকেট'ৰ ৰাজনীতি ! ভাৰতত ক'ত খেলিব সেয়া তেওঁলোকেই নিৰ্ধাৰণ কৰিব...

পাকিস্তানৰ 'ক্ৰিকেট'ৰ ৰাজনীতি ! ভাৰতত ক'ত খেলিব সেয়া তেওঁলোকেই নিৰ্ধাৰণ কৰিব...
পাকিস্তানৰ 'ক্ৰিকেট'ৰ ৰাজনীতি ! ভাৰতত ক'ত খেলিব সেয়া তেওঁলোকেই নিৰ্ধাৰণ কৰিব...

ডিজিটেল ডেস্কঃ ক্ৰিকেটক ৰাজনৈতিক মুনাফা আদায়ৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰাত মনোনিৱেশ কৰিছে পাকিস্তানে। এছিয়া কাপকৈ লৈ সৃষ্টি হৈ থকা অনিশ্চয়তাৰ মাজতে পাকিস্তানে এইবাৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপক লৈও আৰম্ভ কৰিছে সস্তিয়া ৰাজনীতি।

বিশ্বকাপৰ পাছতে পাকিস্তানত আছে নিৰ্বাচন। এই নিৰ্বাচনত পাকিস্তানবাসীৰ মন জয় কৰিবলৈকে এতিয়া ভাৰতৰ মাটিত বিশ্বকাপৰ মেচক লৈ নানান ধৰণৰ আপত্তি দেখুৱাবলৈ আৰম্ভ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ আহমেদাবাদত পাকিস্তানে বিশ্বকাপৰ মেচ নেখেলে বুলি উল্লেখ কৰি পাক ব’ৰ্ডে কলকাতা নাইবা চেন্নাইতহে মেচ খেলিব বুলি দাবী কৰিছে। এই দাবীক অৱশ্যে কোনো কাৰণতে মানি নলয় ভাৰতে।

স্মৰ্তব্য যে, পাকিস্তানে এছিয়া কাপ ২০২৩ অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছিল যদিও ভাৰতে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতা বাদ নিদিয়ালৈকে আৰু দুয়ো দেশৰ ৰাজনৈতিক পৰিস্থিতি উন্নত নোহোৱালৈকে পাকিস্তানত খেলিবলৈ নাযাও বুলি স্পষ্ট কৰি দিয়াৰ পিছতে প্ৰতিযোগিতাখনক লৈ বিপদত পৰিছে পাকিস্তান।

ইয়াৰ বাবে পাকিস্তানে এক হাইব্ৰীড মডেল তৈয়াৰ কৰিছিল যদিও এছিয়া ক্ৰিকেট কাউন্সিলে পাকিস্তানৰ সেই হাইব্ৰীড মডেল অগ্ৰাহ্য কৰিছে। এই হাইব্ৰীড মডেল অনুসৰি পাকিস্তানে প্ৰস্তাৱ আগবঢ়াইছিল যে ভাৰতৰ মেচকেইখন কোনো এক নিৰপেক্ষ স্থানত খেলুওৱা হ’ব আৰু বাকীবোৰ মেচ পাকিস্তানতেই অনুষ্ঠিত হ’ব।

আনহাতে এছিয়া কাপ অনুষ্ঠিত কৰাৰ বিকল্প স্থান হিচাপে শ্ৰীলংকাৰ নামো চৰ্চালৈ আহিছিল। কিন্তু পাকিস্তানৰ দাবী অন্ততঃ গ্ৰুপ পৰ্যায়ৰ প্ৰথম চাৰিখন মেচ পাকিস্তানত অনুষ্ঠিত হওক।

এছিয়া ক্ৰিকেট কাউন্সিলে এই দাবীও অগ্ৰাহ্য কৰিছে। এনে পৰিস্থিতিত এছিয়া কাপ অনুষ্ঠিত কৰাক লৈ এতিয়াও দূৰ হোৱা নাই অনিশ্চয়তা। ইফালে এছিয়া কাপৰ অনিশ্চয়তা যিমানেই বৃদ্ধি পাব বিশ্বকাপতো তাৰ প্ৰভাৱ সিমানেই বৃদ্ধি পাব নিশ্চিত হৈছে।

এনে এক পৰিস্থিতিৰ মাজতে ভাৰতত বিশ্বকাপ খেলিবলৈ নাহো বুলি প্ৰথমে দাবী কৰা পাকিস্তানে এতিয়া ভাৰতৰ ক’ত মেচ খেলিব সেয়া নিজেই নিৰ্দিষ্ট কৰাৰ চেষ্টা চলাইছে। পাকিস্তানে দাবী কৰিছে আহমেদাবাদত নেখেলে বিশ্বকাপক মেচ।

তেওঁলোকে হেনো চেন্নাই অথবা কলকাতাত হে মেচ খেলিব। ইয়াৰ বাবে পাকিস্তানে নিৰাপত্তা ব্যৱস্থাক হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। অৱশ্যে ভাৰতে প্ৰতিখন মেচৰ প্ৰতিজন খেলুৱৈৰি নিৰাপত্তা সুনিশ্চিত কৰিছে।

নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা নাথাকিব বুলি দাবী কৰিছে। এনে পৰিস্থিতিত আই চি চিয়েও ভাৰতে নিৰ্ধাৰণ কৰাৰ দৰেই পাকিস্তানে শেষ মুহূৰ্তত যে আহমেদাবাদতে যে ভাৰতৰ বিৰুদ্ধে মেচ খেলিব লাগিব সেয়া প্ৰায় নিশ্চিত।

পাকিস্তানৰ 'ক্ৰিকেট'ৰ ৰাজনীতি ! ভাৰতত ক'ত খেলিব সেয়া তেওঁলোকেই নিৰ্ধাৰণ কৰিব...
ঋণলৈ ভয় নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰঃ চলিত মাহতে দ্বিতীয়বাৰৰ বাবে ল'ব ১ হাজাৰ কোটি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in