ঋণলৈ ভয় নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰঃ চলিত মাহতে দ্বিতীয়বাৰৰ বাবে ল'ব ১ হাজাৰ কোটি...

ঋণলৈ ভয় নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰঃ চলিত মাহতে দ্বিতীয়বাৰৰ বাবে ল'ব ১ হাজাৰ কোটি...
ঋণলৈ ভয় নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰঃ চলিত মাহতে দ্বিতীয়বাৰৰ বাবে ল'ব ১ হাজাৰ কোটি...

ডিজিটেল ডেস্কঃ ১ লাখ ৩৩ হাজাৰ ২৭৩ কোটি টকাৰ ঋণত ডুবি থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ এক হাজাৰ কোটি টকাৰ ঋণ ল'বলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। চলিত মাহতে দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মা চৰকাৰে ১৬ মে'ত পুনৰ এক হাজাৰ কোটি টকাৰ ঋণ ল'ব।

ইতিপূৰ্বে যোৱা ৪ মে'ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল এক হাজাৰ কোটি টকাৰ ঋণ। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ বুলি বাৰে বাৰে কৈ অহা ৰাজ্য চৰকাৰে প্ৰতিমাহে এইদৰে হাজাৰ কোটিকৈ ঋণ লৈ থকা বিষয়টোৱে পুনৰবাৰ বিত্তীয় দুৰৱস্থাৰ কথাকেই প্ৰমাণ কৰিছে বুলি একাংশই দাবী কৰিছে।

যাৰ ঋণ লোৱাৰ সামৰ্থ আছে তেওঁলোককহে বেংকে ঋণ দিয়ে বুলি কৈ অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৱশ্যে ঋণৰ বিপৰীতে সুস্থিৰ ভাৱে সেই ঋণ পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই। বৰঞ্চ ঋণ লৈহে ঋণৰ সুদ পৰিশোধ কৰা বুলি চৰ্চা চলিছে।

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰৰ হোৱাৰ প্ৰাকমুহূৰ্তত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদ মেলৰ জৰিয়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিছিল। তেওঁ দাঙি ধৰা তথ্য অনুসৰি আজিৰ তাৰিখত মুঠ ঋণৰ পৰিমাণ ১ লাখ ৩৩ হাজাৰ ২৭৩ কোটি টকা। অৰ্থাৎ আজিৰ তাৰিখত অসমৰ প্ৰতিজন ব্যক্তিৰ মূৰত আছে ৪০ হাজাৰ ৩৮৫ টকাৰ ঋণৰ বোজা।

এক সংবাদ মেলত অখিল গগৈয়ে প্ৰকাশ কৰিছিল স্বাধীনতাৰ পাছৰ পৰা গোপীনাথ বৰদলৈৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰটো কাৰ্যকালৰ শেষৰটো বছৰলৈ অৰ্থাৎ ১৯৪৭ চনৰ পৰা ২০১৬ লৈ ৬৯ বছৰত অসম চৰকাৰৰ মুঠ ঋণ আছিল ৪১ হাজাৰ ৯৬৪ কোটি টকা। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ১১ বছৰীয়া কাৰ্যকালত অসম চৰকাৰে ঋণ লৈছিল মুঠ ২৪ হাজাৰ ৯২১ কোটি টকা।

ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল চৰকাৰে মাত্ৰ ৫ বছৰত ঋণ লৈছিল ৪৮ হাজাৰ ৮০১ কোটি টকা। এইসকলো চেৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে মাত্ৰ দুটা বছৰতে ল’লে ৪২ হাজাৰ ৫০৮ কোটি টকাৰ ঋণ।

ইয়াৰোপৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত অসম চৰকাৰে ২৫ হাজাৰ ৫২ কোটি টকা ঋণ লোৱাৰ কথা ইতিমধ্যে বাজেটত ঘোষণা কৰিছে। চলিত বছৰৰ এপ্ৰিলৰ পৰা এতিয়ালৈকে মাত্ৰ দুটা মাহতে লৈছে ২ হাজাৰ কোটি টকাৰ ঋণ।

ঋণলৈ ভয় নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰঃ চলিত মাহতে দ্বিতীয়বাৰৰ বাবে ল'ব ১ হাজাৰ কোটি...
কৰ্ণাটকত আকৌ হ'ব নিৰ্বাচন ! কংগ্ৰেছ নেতৃত্বৰ অসন্তুষ্টি দূৰ কৰাৰ নতুন কৌশল...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in