/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f16a91ee-1ace-49f8-947e-e53c3400f496/agranii.jpg)
ডিজিটেল ডেস্ক: পূৰ্বৰ দৰে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে ' নেছনেল ইন'ভেছন ফাউণ্ডেছন 'ৰ সহযোগত ' আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ চৌহদত এইবাৰো আয়োজন কৰিছে উদ্ভাৱনী মহোৎসৱ। দুদিনীয়া কাৰ্যসূচীৰে ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উদ্ভাৱনী মহোৎসৱ।
বিজ্ঞান প্ৰদৰ্শনী, উদ্ভাৱন, ক'লা-শিল্প আদি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন শ্ৰেণীৰ লোকক তেওঁলোকৰ সৃষ্টিশীলতা বিকাশৰ বাবে এখন উমৈহতীয়া মঞ্চ দিয়াটোৱে এই উদ্ভাৱনী মহোৎসৱৰ উদ্দেশ্য।
উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ বহুকেই গৰাকী বিশিষ্ট উদ্ভাৱক, শিল্পী আদিয়ে এই বাৰ্ষিক উৎসৱত তেওঁলোকৰ উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰিব। ১২ ফেব্ৰুৱাৰী দেওবাৰে বিয়লি ৩.৩০ বজাত অনুষ্ঠিত হ'বলগীয়া সামৰণি অনুষ্ঠানত শ্ৰেষ্ঠ উদ্ভাৱকক 'দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন'ভেছন বঁটা'২০২৩প্ৰদান কৰা হ'ব। লগতে অংশগ্ৰহণকাৰী সকলক মানপত্ৰ প্ৰদান কৰিব।
এই উদ্ভাৱনী মহোৎসৱ উক্ত দিন দুটাত পুৱা ১১ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মুকলি থাকিব।
আৰু পঢ়ক: বান্দৰ আৰু আদানীৰ কাহিনী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us