আৰ্ছেনালৰ প্ৰশিক্ষকে ক'লে- ''ভাৰত ফুটবলৰ সোণৰ খনি, ইয়াক নতুনকৈ আৱিষ্কাৰ কৰিব লাগিব''

আৰ্ছেনালৰ প্ৰশিক্ষকে ক'লে- ''ভাৰত ফুটবলৰ সোণৰ খনি, ইয়াক নতুনকৈ আৱিষ্কাৰ কৰিব লাগিব''
আৰ্ছেনালৰ প্ৰশিক্ষকে ক'লে- ''ভাৰত ফুটবলৰ সোণৰ খনি, ইয়াক নতুনকৈ আৱিষ্কাৰ কৰিব লাগিব''

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে ঘৰৰ মাটিত কাটাৰৰ বিৰুদ্ধে বিশ্বকাপ আৰু এছিয়া কাপৰ যোগ্যতা অৰ্জনকাৰী এখন মেচত অৱতীৰ্ণ হ'ব ভাৰতীয় ফুটবল দলটো। এই মেচখনৰ পূৰ্বে ভাৰতীয় ফুটবল সংস্কৃতিক উচ্চ প্ৰশংসা কৰিলে আৰ্ছেন ৱেংগাৰে।

ইংলিছ প্ৰিমীয়াৰ লীগত দীৰ্ঘদিন ধৰি আৰ্ছেনালৰ প্ৰশিক্ষক হৈ থকা ফৰাচী প্ৰশিক্ষকজনে ভাৰতক ফুটবলৰ সোণৰ খনি আখ্যা দিছে। সোমবাৰে ভাৰতত উপস্থিত হোৱা ৱেংগাৰে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ সভাপতি কল্যাণ চৌবেৰ সৈতে দীৰ্ঘদিন ধৰি সংস্পৰ্শত আছিল।

তেওঁলোকে ভাৰতত এ আই এফ এফ-ফিফা একাডেমী আৰু যুৱ ফুটবল বিকাশৰ ওপৰত আলোচনা কৰিছিল। উল্লেখ্য যে, ৱেংগাৰ ফিফাৰ প্ৰতিভা অনুসন্ধান দলৰো অংশ। সেয়েহে তেওঁ ভাৰত ভ্ৰমণ কৰিছে।   

ভাৰতত উপস্থিত হোৱাৰ পাছতে ৱেংগাৰে কয়,''মই ভাৰতত কেৱল ফুটবলৰ বিকাশ কৰিব বিচৰা নাই। এই দেশক ফুটবল জগতৰ মানচিত্ৰত স্থান দিব বিচাৰিছো। সকলোৱে এই দিনতো মনত ৰাখক। মই ভাৰতক লৈ উৎসাহিত।''

ইয়াৰোপৰি তেওঁ কয়, ''মই এই কথাত আচৰিত যে ১.৪ বিলিয়ন জনসংখ্যাৰ এই দেশখন আজিও ফুটবল বিশ্বৰ মানচিত্ৰত নাই। ভাৰতৰ হাতত যথেষ্ট সম্পদ আছে। উন্নত মানদণ্ডৰ খেলুৱৈ আছে। আমি আশাবাদী। এই দেশখন ফুটবলৰ সোণৰ খনি, ইয়াক পুনৰ আৱিষ্কাৰ কৰিব লাগিব।''

ইফালে আজি অনুষ্ঠিত হ'বলগীয়া ফুটবল মেচখনৰ পূৰ্বে আত্মবিশ্বাসী হৈ আছে ভাৰতীয় ফুটবল দলটোৰ প্ৰশিক্ষণ ইগৰ ষ্টিমাক। তেওঁ ভাৰতীয় দলটোৰ খেলুৱৈসকলক চাপ লৈ থাকিবলৈ মানা কৰিছে।

তেওঁ কয়, ''আমি কাটাৰক বিভিন্ন দিশৰ পৰা বিশ্লেষণ কৰিছো। গতি আৰু শক্তিৰ ক্ষেত্ৰত তেওঁলোকে কি কি কৰিব পাৰে সেইয়া আমি ভালদৰে বুজি পাইছো। তেওঁলোকে আফগানিস্তানক ৮ টাকৈ গ’ল দিছে। তেওঁলোকে আৰু ৮ টা গ’ল কৰিব পাৰিলে হয়। আমাৰ বাবে এয়া কঠিন প্ৰত্যাহ্বান। কিন্তু মই আমাৰ ল’ৰাবোৰক খেলখন উপভোগ কৰিবলৈ দিছো। কুৱেইটক পৰাস্ত কৰি আমি প্ৰথম পৰ্যায়ৰ ভাল প্ৰদৰ্শন কৰিছো। মই বিচৰা নাই আজিৰ খেলখনত ল’ৰাবোৰে অত্যাধিক চাপ লৈ খেল পথাৰত নামক। ইয়াৰ পৰিৱৰ্তে, কাটাৰৰ সৈতে তেওঁলোকৰ নিজা গুণাগুণবোৰ মিলাবলৈ যত্ন কৰক।"

উল্লেখ্য যে চলিত বছৰত ভাৰতে ঘৰৰ মাটিত ১১ খন মেচ খেলিছে। তাৰ ভিতৰত ৯ খনত বিজয় সাব্যস্ত কৰিছে আৰু ২ খন মেচ ড্ৰ খেলিছে। অৰ্থাৎ এই বছৰ ঘৰৰ মাটিত পৰাজয়ৰ মুখ দেখা নাই ভাৰতীয় দলটোৱে।

এই ১১ খন মেচৰ ভিতৰত ৮ খন মেচত এটাও গ’ল খোৱা নাই। ভাৰতীয় ফুটবল দলটোৰ এনে ধাৰাবাহিকতা বহু সময়ৰ পাছত দেখিবলৈ পোৱা গৈছে। এনে বিজয়ৰ ধাৰাবাহিকতাৰ বাবেই ভাৰতীয় দলটোৱে ফিফাৰ ৰেংকিং তালিকাত ৯৯ সংখ্যক স্থান দখল কৰিছে।

কিন্তু দেশৰ বাহিৰত ভাৰতীয় দলটোৰ প্ৰদৰ্শন যথেষ্ট দুৰ্বল। ছেপ্টেম্বৰত থাইলেণ্ডত অনুষ্ঠিত হোৱা কিংছ কাপ আৰু তাৰ পাছত মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হোৱা মেৰ্ডেকা কাপৰ কোনো এখন মেচেই জয় কৰিব পৰা নাছিল ভাৰতীয় দলটোৱে।

তাৰ পাছতে অৱ্যশ্যে ভাৰতীয় দলটোৱে কুৱেইটক পৰাস্ত কৰি বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ অভিযান আৰম্ভ কৰিছে। এই মেচখনত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰিব বুলি কোনেও আশা কৰা নাছিল। কাৰণ ভাৰতীয় দলত নাছিল কেইবাজনো শক্তিশালী খেলুৱৈ।  

এই সন্দৰ্ভত ভাৰতীয় ফুটবল দলটোৰ প্ৰশিক্ষক ইগৰ ষ্টিমাকে কয়, আমি সেই দলটোক পৰাস্ত কৰিছো যাক পৰাস্ত কৰি গ্ৰুপৰ দ্বিতীয় স্থানত থাকিব পাৰি। আমাক উত্তেজিত কৰিবলৈ এয়াই যথেষ্ট।

পৰৱৰ্তী ৰাউণ্ডলৈ যাবলৈ আমি গ্ৰুপৰ দ্বিতীয় স্থানত থাকিব লাগিব। এই বিজয়ে আমাক সেই লক্ষ্যৰ দিশে আগুৱাই যোৱাত সহায় কৰিব। কাটাৰ সদায় এই গ্ৰুপৰ শীৰ্ষত আছে। কিন্তু আমাৰ হাততো সুযোগ আছে। সেই সুযোগ আমি গ্ৰহণ কৰিম।

আৰ্ছেনালৰ প্ৰশিক্ষকে ক'লে- ''ভাৰত ফুটবলৰ সোণৰ খনি, ইয়াক নতুনকৈ আৱিষ্কাৰ কৰিব লাগিব''
অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভৰ অপচেষ্টাঃ আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in