আৰ্চেনাল নে মানচেষ্টাৰ চিটি ? কঠিন হৈ উঠিছে প্ৰিমিয়াৰ লীগ...

আৰ্চেনাল নে মানচেষ্টাৰ চিটি ? কঠিন হৈ উঠিছে প্ৰিমিয়াৰ লীগ...

ডিজিটেল ডেস্ক : আৰ্চেনাল নে মানচেষ্টাৰ চিটি ? কঠিন হৈ উঠিছে এতিয়া এই প্ৰশ্ন । এফালে আৰ্চেনাল আৰু আনফালে মানচেষ্টাৰ চিটি । একালৰ চেম্পিয়ন আৰ্চেনাল আৰু বৰ্তমানৰ চেম্পিয়ন মানচেষ্টাৰ চিটি । যি সময়ত ২০০৩-০৪ বৰ্ষতেই আৰ্চেনালে অন্তিমবাৰৰ বাবে প্ৰিমিয়াৰ লীগ জয় কৰিছিল সেই সময়তেই মানচেষ্টাৰ ইউনাইটেডে বিগত বৰ্ষতো জয় কৰিছিল প্ৰিমিয়াৰ লীগ ।

ইতিমধ্যে ৩৪ খন মেচ খেলি ৭৮ পইন্টেৰে পইন্ট তালিকাৰ শীৰ্ষত আছে আৰ্চেনাল, আনহাতে ৩২ খন মেচ খেলি ৭৬ পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে মানচেষ্টাৰ চিটি । ৩০ এপ্ৰিলত ফুলহামক পৰাস্ত কৰাৰ পিছত মানচেষ্টাৰ চিটিয়ে প্ৰিমিয়াৰ লীগ পুনৰ এবাৰ জয়ী হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছিল ।

কিন্তু শেহতীয়া মেচত আৰ্চেনালে চেলছিক ৩-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰাৰ পাছত আকৌ প্ৰিমিয়াৰ লীগৰ আশাত আৰ্চেনাল । কিয়নো আৰ্চেনালে যদি আন কেইখন মেচ জিকিবলৈ সক্ষম হয় তেন্তে প্ৰিমিয়াৰ লীগ এটা দশক পাছত পুনৰ আহিব পাৰে আৰ্চেনালৰ হাতলৈ । এতিয়া প্ৰিমিয়াৰ লীগৰ মোহত মোহাছন্ন কোটি কোটি দৰ্শক ।

আৰ্চেনাল নে মানচেষ্টাৰ চিটি ? কঠিন হৈ উঠিছে প্ৰিমিয়াৰ লীগ...
মহানগৰীৰ একাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত চৰম অব্যৱস্থাপনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in