মহানগৰীৰ একাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত চৰম অব্যৱস্থাপনা

মধ্যাহ্ন ভোজনত প্ৰদান কৰা হয় চিপছ, চকলেট, কেক
মহানগৰীৰ একাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত চৰম অব্যৱস্থাপনা

ডিজিটেল ডেস্ক : ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব লগীয়া মধ্যাহ্ন ভোজনৰ নামত একাংশ বিদ্যালয়ত চলা চৰম অব্যৱস্থাপনাৰ স্বৰূপটো উন্মোচিত হৈছে চৰকাৰীভাৱে অনুষ্ঠিত এক শুনানিত । এনে শুনানিতে অতি দৃষ্টিকটুভাৱে পোহৰলৈ আহিল যে গুৱাহাটী মহানগৰীৰে একাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক খুওৱা হৈছে চিপছ, চকলেট আৰু কেক । এই দিশসমূহ পোহৰলৈ অহাৰ পিচতে শিক্ষা বিষয়াই সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধান শিক্ষকক মঙলবাৰে পৰিলক্ষিত হয় ।

উল্লেখ্য যে, পি এম পোষণ আৰু সমগ্ৰ শিক্ষা অভিযানৰ ছ'চিয়েল অডিট সন্দৰ্ভত মঙলবাৰৰ পৰা পানবজাৰস্থিত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে শুনানি ।

এই শুনানিত মহানগৰীৰ প্ৰায় ১৭ খন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থাকে । এই শুনানিৰ সময়তেই গুৱাহাটিৰ বীৰকুছি প্ৰাথমিক বিদ্যালয়ত নিয়ম অনুসৰি মধ্যাহ্ন ভোজন ছাত্ৰ-ছাত্ৰীক প্ৰদান নকৰা বিষয়টো ওলাই পৰে । চৰকাৰী নীতি-নিয়ম ধোৱাচাঙত তুলি বীৰকুছিকে ধৰি একাংশ বিদ্যালয়ৰ এনে কাৰ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে ।

কেৱল এয়াই নহয় বৰং বিদ্যালয় সমূহলৈ সময়মতে নাহে শিক্ষক । কেছবুক আছে যদিও ধন খৰচৰ সময়ত সেইয়া ব্যৱহাৰ নহয় । বিদ্যালয়ত নাই ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত খোৱা পানী ।

এনেদৰেই চলিছে এতিয়া মহানগৰীৰ একাংশ চৰকাৰী বিদ্যালয় । কিন্তু এই ভুলবোৰৰ অন্তৰালৰ কাৰণবোৰ চিনাক্ত কৰি সংশোধন কৰিব পৰা যাব নে কাহানিও ?

মহানগৰীৰ একাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত চৰম অব্যৱস্থাপনা
অসম্ভৱক সম্ভৱ কৰি তুলিলে দিল্লীয়ে ! পৰাস্ত কৰিলে শক্তিশালী গুজৰাটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in