/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/dfcf8633-d06e-4569-9c1b-6eded5a77a5b/AP_FOR_WEB_sachin.jpg)
অৰ্জুনৰ বেটিং বিক্ৰম দেখি আচৰিত হৈ পৰিল প্ৰতিপক্ষ...
ডিজিটেল ডেস্কঃ আই পি এলত প্ৰথমবাৰৰ বাবে বেটিং কৰাৰ সুযোগ লাভ কৰিলে ক্ৰিকেটৰ ঈশ্বৰ শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ মঙ্গলবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা মেচখনত শচীন পুত্ৰই কোবোৱা এটা অভাৰ বাউণ্ডেৰীক লৈ সামাজিক মাধ্যমত এতিয়া চৰ্চা আৰম্ভ হৈছে।
ভাইৰেল হৈ পৰিছে সেই অভাৰ বাউণ্ডেৰীটো। গগনচুম্বী অভাৰ বাউণ্ডেৰীটোৱে অৰ্জুনক পিতৃ শচীন তেণ্ডুলকাৰৰ যোগ্য পুত্ৰ বুলি প্ৰমাণ কৰিছে বুলিও চৰ্চা চলিছে।
গুজৰাট টাইটানছৰ বেগী বলাৰ মোহিত শৰ্মাৰ এটা অভাৰত অৰ্জুনে এই অভাৰ বাউণ্ডেৰীটো কোবাইছিল। উল্লেখ্য, আইপিএল কেৰিয়াৰত অৰ্জুলে মঙ্গলবাৰে প্ৰথমবাৰৰ বাবে বেটিং কৰাৰ সুযোগ লাভ কৰিছিল।
সেই সুযোগক সদব্যৱহাৰ কৰি তেওঁ নিজৰ বেটিং দক্ষতাৰ প্ৰমাণ দাঙি ধৰিলে। অৱশ্যে অৰ্জুনৰ এই অভাৰ বাউণ্ডেৰীয়ে ৰক্ষা কৰিব নোৱাৰিলে মুম্বাইক। মেচখনৰ অন্তিম অভাৰত বলিং কৰিবলৈ অহা মোহিত শৰ্মাৰ প্ৰথমটো বলতেই অৰ্জুনে এই গগনচুম্বী অভাৰ বাউণ্ডেৰীটো কোবাইছিল।
অৰ্জুন তেণ্ডুলকাৰৰ এই ৰূপ দেখি কিছু সময়ৰ বাবে অভিজ্ঞ মোহিত শৰ্মা আচৰিত হৈ পৰিছিল। অৱশ্যে মোহিত শৰ্মাৰ বলতেই অৰ্জুন পেভিলিয়নমুখী হ’বলৈ বাধ্য হয়।
দলটোৰ হৈ ৮ নম্বৰত বেটিং কৰিবলৈ অহা অৰ্জুনে মেচখনত ৯ টা বল খেলি ১৩ ৰাণ কৰিলে। বৰ্তমানলৈকে অৰ্জুনে ৪ খন আই পি এলৰ মেচ খেলি ৩ টা উইকেটো দখল কৰিছে।
মেচখনত প্ৰথমে বেটিং কৰি গুজৰাট টাইটানছে ২০৭ ৰাণ কৰি মুম্বাইৰ সন্মুখত ২০৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। মুম্বাইয়ে নিৰ্ধাৰিত লক্ষ্য আগত লৈ খেল পথাৰত নামে যদিও বেটিং বিপৰ্যয়ৰ বাবে ১৫২ ৰাণহে কৰিবলৈ সক্ষম হয়।
First six in the IPL for Arjun Tendulkar 👏
🎥: JioCinema #GTvMI #ArjunTendulkar #IPL2023 #TATAIPL2023 #CricketTwitter
pic.twitter.com/IWDRMowss5— Niche Sports (@Niche_Sports) April 25, 2023
Also Read: দিল্লী পাব্লিক স্কুলত বোমাতংক...