দিল্লী পাব্লিক স্কুলত বোমাতংক...

দিল্লী পাব্লিক স্কুলত বোমাতংক...

author-image
Asomiya Pratidin
New Update
দিল্লী পাব্লিক স্কুলত বোমাতংক...

দিল্লী পাব্লিক স্কুলত বোমাতংক...

ডিজিটেল ডেস্কঃ দিল্লী পাব্লিক স্কুলত বোমাতংক। দিল্লীৰ মথুৰা ৰোডত থকা ডি পি এছত এটা বোমা থকাৰ খবৰ পোৱাৰ পিছতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে গোটেই স্কুলখনকে খালী কৰা হৈছে।

Advertisment

দিল্লী আৰক্ষীৰ বোমা স্কোৱাডৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বোমাৰ সন্দান আৰম্ভ কৰিছে। অৱশ্যে বিদ্যালয়খনত কোনো ধৰণৰ বোমা উদ্ধাৰ নহ'ল।

আৰক্ষীৰ মতে কোনো দুষ্ট চক্ৰই আতংক বিয়পাবলৈ এই ভুৱা খবৰ দিছিল। উল্লেখ্য যে বিদ্যালয়খনৰ ফালৰ পৰা পুৱা প্ৰায় ৮.১০ বজাত ১০০ নম্বৰত ফোন কৰি এই খবৰ দিছিল আৰক্ষীক।

মন কৰিবলগীয়া যে, কেইদিনমানৰ পূৰ্বে দিল্লীৰ ছাদিক নগৰত অৱস্থিত এখন বিদ্যালয়লৈ ভাবুকি ভৰা ইমেইল প্ৰেৰণ কৰিছিল। তাৰ পাছতে বিদ্যালয়খন খালী কৰা হৈছিল।

সেই ভাবুকি ভৰা ইমেইলতো বিদ্যালয়খনত বোমা থকাৰ কথা কোৱা হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত বিদ্যালয়ত কোনো বোমা বিচাৰি নাপালে।

Also Read: সলনি হ'ব দেশৰ ৰাজনীতিঃ 'মৃত্যু' হ'ব এখন চৰকাৰৰ ! ছুটিত গৈছে মুখ্যমন্ত্ৰী...

দিল্লী দিল্লী পাব্লিক স্কুল