ক্ৰীড়াবিদ-ক্ৰীড়া সংগঠকক সম্বৰ্ধনাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজাদিন উদযাপন

ক্ৰীড়াবিদ-ক্ৰীড়া সংগঠকক সম্বৰ্ধনাৰে যোৰহাটত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজাদিন উদযাপন

author-image
Asomiya Pratidin
New Update
ক্ৰীড়াবিদ-ক্ৰীড়া সংগঠকক সম্বৰ্ধনাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজাদিন উদযাপন

ডিজিটেল সংবাদ, যোৰহাটঃ বৰ্তমান অসমত খেলুৱৈ সৃষ্টি হোৱা নাই; উপযুক্ত প্ৰশিক্ষণ নহ'লে সুদক্ষ খেলুৱৈ কেনেকৈ সৃষ্টি হ'ব বুলি চিধাকৈ আক্ষেপ প্ৰকাশ কৰিছে ক্ৰীড়াৰ নক্ষেত্ৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাই। দেওবাৰে যোৰহাটত উপস্থিত হৈ অতি আনন্দিত হোৱা অৰ্জুন ভোগেশ্বৰ বৰুৱাই সাংবাদিকক কয় যে- খেলুৱৈ সৃষ্টি হ'ব বাবে চৰকাৰে ব্যৱস্থা ল'ব লাগিব। এন আই এছ ডিগ্ৰীধাৰীসকলে বহি নাথাকি চৰকাৰক উপযুক্ত প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিবলৈ বাধ্য কৰাব পাৰিব লাগিব, তেতিয়াহে নতুন নতুন খেলুৱৈ সৃষ্টি হ'ব।

Advertisment

যোৰহাটৰ প্ৰাতঃভ্ৰমণ ক্ষেত্ৰত স্থাপন কৰা ‘আমাৰ যোৰহাট’ নামৰ সামাজিক অনুষ্ঠানৰ উদ্যোগত ক্ৰীড়াৰ মহীৰূহ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটো '‘খেলুৱৈৰ দিন" ৰূপে দেওবাৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা সামূহিক দৌৰৰ লগতে যোৰহাটৰ আন্তৰ্জাতিক খেলুৱৈক ৰাজহুৱা সম্বৰ্ধনা, ৰঞ্জী ট্ৰফীৰ প্ৰাক্তন ক্ৰিকেটাৰ, ফিফাৰ ৰেফাৰী আৰু প্ৰবীণ ক্ৰীড়া সংগঠকসকলক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, যোৰহাটৰ বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ বৰদলৈৰ নেতৃত্বত যোৰহাটত ৰাতিপুৱা খোজকঢ়া বাবে ৰাইজৰ একত্ৰিত প্ৰচেষ্টাত জন্ম লাভ কৰিছিল সামাজিক অনুষ্ঠান "আমাৰ যোৰহাট" আৰু স্থাপিত হৈছিল যোৰহাটৰ প্ৰাতঃভ্ৰমণ ক্ষেত্ৰখন। "আমাৰ যোৰহাট"ৰ সভাপতি ডাঃ নাৰায়ণ বৰদলৈ আৰু সম্পাদক জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীৰ সবল নেতৃত্বত "খেলুৱৈৰ দিন" উদযাপন হোৱা অনুষ্ঠানত ক্ৰীড়াৰ ক্ষেত্ৰত এটি যাউতিযুগীয়া উজ্জীৱিত প্ৰাণৰ গৰাকী অৰ্জন ভোগেশ্বৰ বৰুৱা খোদ উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত হৈ পুৱা ৬ বজাত যোৰহাট ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা সামূহিক দৌৰৰ ফ্লেগ অফ কৰিব শুভাৰম্ভ কৰে বৰুৱাই। পুৱা ১০ বজাত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত ​​‘আমাৰ যোৰহাট’ৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানত অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ এথলেটিক্স অৰ্জুন ভোগেশ্বৰ বৰুৱাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে যোৰহাটৰ আন্তৰ্জাতিক খেলুৱৈ, দৌৰবিদ অম্লান বৰগোহাঁইক অম্লানৰ হৈ তেওঁ পিতৃ-মাতৃয়ে সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে টেনিছ তাৰকা পৰীক্ষিত সোমানীৰ হৈ দেউতাকে সম্বৰ্ধনা গ্ৰহণ কৰে।

উল্লেখ্য মহিলা ফুটবলাৰ অঞ্জনা শইকীয়াকো বিশেষ সন্মান জ্ঞাপন কৰে। নিজৰ নান্দনিক ক্ৰীড়াশৈলীৰে ফুটবলক জিলিকাই তোলা অৰুণ বৰঠাকুৰ, ৰঞ্জী ট্ৰফী আৰু সন্তোষ ট্ৰফী দুয়োটাতে অসমক প্ৰতিনিধিত্ব কৰা প্ৰদীপ ফুকন, বহুবাৰ ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ কৰা ক্ৰিকেট খেলুৱৈ নৰেণ সভাপণ্ডিত (প্ৰাক্তন অধিনায়ক), ধ্ৰুৱজ্যোতি সভাপণ্ডিত, নাগেশ সিং, পংকজ শ্ৰুতিকৰকো, সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰা ৰঞ্জন কাকতি, বৰুণ দত্ত, নবীন বৰা, হেৰল্ড চাংমাৰ লগতে ফিফা ৰেফাৰী নিৰ্মল চেতিয়াক সন্মানিত কৰাৰ লগতে সুমন্ত দত্তৰ হৈ জ্যেষ্ঠ ভাতৃয়ে সম্বৰ্ধনা গ্ৰহণ কৰে। তদুপৰি জ্যেষ্ঠ ক্ৰীড়া সংগঠক ড০ তপন দত্ত, ননী দত্ত আৰু ৰক্তিম শইকীয়াকো ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Also Read: শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপনৰ দাবীত মহানগৰীত 'আপ'ৰ প্ৰতিবাদ

Abhiruchi Sports Day