/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/41841906-77fa-4d3a-9b79-6e0525e93e41/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীক বানমুক্ত কৰা আৰু জলাশয় সংৰক্ষণ কৰাৰ নামত অসম চৰকাৰে শিলসাঁকোত বছৰ বছৰ ধৰি বসবাস কৰি থকা খিলঞ্জীয়া শ শ পৰিয়ালক বহু দিনৰ পৰা কোনো ক্ষতিপূৰণ আৰু পুনঃসংস্থাপনৰ নকৰাকৈ উচ্ছেদ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টীয়ে। দেওবাৰে চানমাৰীস্থিত প্রতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিৰ সম্মুখত দলটোৰ শতাধিক কর্মকর্তাই হাতে হাতে বেনাৰ, ফেষ্টুন লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0cb886ea-b111-43f8-af8b-35f6fd75f864/0964f474_594c_4b0e_abf4_ff174f67fb13.jpg)
প্ৰতিবাদকাৰীয়ে "হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন ব্যৱস্থা বন্ধ কৰক', 'খিলঞ্জীয়াক উচ্ছেদ কৰি বহিৰাগত বনিয়াক ভূমি আবণ্টন দিয়া বন্ধ কৰক', 'উচ্ছেদিত পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়ক', 'জিঞ্জাৰ হোটেল আৰু আজমলৰ দালানত কেতিয়া হাতুৰীৰ কোব পৰিব', 'ৰামদেৱক পাম খেতি কৰিবলৈ মাটি দিয়া চৰকাৰে খিলঞ্জীয়া লোকক কিয় দিব নোৱাৰে' আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্রতিবাদস্থলীত উপস্থিত থাকি আপ কামৰূপ মহানগৰ জিলাৰ সভাপতি বল্লভ পাত্রই কয় যে- জাতি-মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেৰি চৰকাৰৰ দিনত খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/68595d3e-2083-4792-b3a0-1cb5783ee191/50b9408f_bd04_4411_b20a_3ab027f6d665.jpg)
লগতে তেওঁ জিএমচিক সম্পত্তি কৰ প্ৰদান কৰি অহা, বিজুলী সংযোগ আৰু মাটি পাট্টা থকা, লোকনির্মাণে বিভাগে পথ নিৰ্মাণ কৰা অঞ্চলত নিজৰ ভূমিৰ সুৰক্ষা বিচাৰি আজি জনবিৰোধী বিজেপি চৰকাৰৰ দিনত খিলঞ্জীয়া মহিলাই লজ্জাকো আওকান কৰি অৰ্ধনগ্ন হৈ প্ৰতিবাদত নামিব লগা পৰিস্থিতি হোৱাটো নিন্দনীয় বুলি চৰকাৰক সমালোচনা কৰে। অসমীয়াৰ নিজৰ ঘৰখনো আজি এইখন চৰকাৰৰ বাবে অসুৰক্ষিত হৈ পৰিল। দলটোৱে উচ্ছেদিত পৰিয়ালৰ ধ্বংস কৰা সম্পত্তিৰ সম্পূর্ণ ক্ষতিপূৰণ ব্যৱস্থা কৰাৰ লগতে পুনঃসংস্থাপন কৰাৰ দাবীত চানমাৰী আৰক্ষীৰ জৰিয়তে মহামান্য ৰাজ্যপাললৈ এখন স্মাৰক পত্র প্রদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1ca3760f-dfa5-4d99-b2b4-e704b2fd90a2/a82d6489_d90d_4b03_9fb7_a9ac92fb689e.jpg)
উল্লেখ্য উক্ত প্রতিবাদী কাৰ্যসূচীত বলেন সন্দিকৈ, কাকু হাজৰিকা, অনুৰূপা বড়ো, সৌমিক সেনগুপ্তা, গুৰপ্রিত সিঙৰ লগতে কেইবাজনো ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকি চৰকাৰক সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ নচলাবলৈ সকিয়াই দিয়ে।
Also Read: বিশিষ্ট সাহিত্যিক ড০ সুখ বৰুৱাৰ বিয়োগত ভিন ভিন দল-সংগঠনৰ শোক প্ৰকাশ