আজি আই পি এলৰ এল ক্লাছিক' ! সমুখ সমৰত মুম্বাই আৰু চেন্নাই

আজি আই পি এলৰ এল ক্লাছিক' ! সমুখ সমৰত মুম্বাই আৰু চেন্নাই

ডিজিটেল ডেস্ক : ফুটবলত এল ক্লাছিক' বুলি ক'লেই মনলৈ আহে বাৰ্ছিলোনা আৰু ৰিয়েল মাদ্ৰিদ । চিৰবৈৰী ক্লাব দুটাৰ মাজত ফুটবল নহয় যেন যুদ্ধ হে হয় । এই ৰণত পৰিছে এতিয়ালৈ বহু বাঘা বাঘা সেনাপতি । শতিকাটোৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰোনাল্ডো, মেছিও এই যুদ্ধৰ পৰা সাৰি নগ'ল । পৰাজয় মানেই সমস্যা । গৃহ চহৰলৈ উভতি যাওতেও দৰ্শকে আক্ৰমণ পৰ্যন্ত কৰিব পৰা ধৰণৰ পৰিস্থিতি আছিল এটা সময়ত ।

টি-২০ ক্ৰিকেটৰ জনপ্ৰিয় আই পি এল ট্ৰফীটো তেনেদৰেই আছে আন এক এল ক্লাছিকো । এই এল ক্লাছিকোৰ দল দুটা হৈছে চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ । অধিনায়ক ক্ৰমে মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মা । দুয়োগৰাকী বিস্ফোৰক বেটছমেনৰ সফলতাৰ কাহিনী পুনৰ এবাৰ দোহৰাই দিয়াৰ প্ৰয়োজন নাই দৰ্শকক । অধিনায়কৰ দৰেই শক্তিশালী দল দুটাও ।

মুম্বাই দলৰ বেটিং পৰাক্ৰমত আছে ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, ঈশ্বান কিষান, ডেৱাল্ড ব্ৰেভিছৰ দৰে বিস্ফোৰক বেটছমেন । আনহাতে বলিঙত আছে জোফ্ৰা আৰ্ছাৰ, ৰাইলী মেৰেডিথ, জেচন বেহৰেনডৰ্ফৰ দৰে পেছ বলাৰ । স্পীনৰ ক্ষেত্ৰতো শক্তিশালী দলটো ।

আনহাতে, থালা বাহিনীত আছে অজিংক্য ৰাহানে, অম্বাতি ৰায়ুডু, বেন ষ্টকছ, ৰবিন্দ্ৰ জাদেজা, মহেন্দ্ৰ সিং ধোনীৰ দৰে মুহুৰ্ততে খেলৰ গতি সলনি কৰি দিব পৰা বেটছমেন । বলিঙত দক্ষিণ আফ্ৰিকাৰ বেগী পিটছৰ অভিজ্ঞতা লাভ কৰি অহা ডুৱেইন প্ৰিট'ৰিয়াছ, ইংলিছ অলৰাউণ্ডাৰ বেন ষ্টকছ । কেৱল এই দুয়োগৰাকী বলাৰেই ৪ অভাৰকৈ লাভ কৰিলে ৮ অভাৰত খেলৰ ফলাফল নিশ্চিত কৰি তুলিব পাৰে । স্পীনতো আছে ৰবীন্দ্ৰ জাদেজাৰ দৰে বলাৰ ।

মুঠতে সকলো দিশৰ পৰাই সমানেই পৰাক্ৰমী দুয়োটা দল । তেনেক্ষেত্ৰত এতিয়া অপেক্ষা মাথো ৭.৩০ বজালৈ । আই পি এল,২০২৩ ৰ ইতিহাসৰ অন্যতম ৰোমাঞ্চকৰ মেচৰ দিশে আগবাঢ়িছে সমগ্ৰ দেশবাসী ।

আজি আই পি এলৰ এল ক্লাছিক' ! সমুখ সমৰত মুম্বাই আৰু চেন্নাই
মৰিয়নিত ভাতৃৰ দাৰ ঘাপত নিহত ভাতৃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in