/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ebba2802-f130-409b-afad-7600d80fa8ba/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত অন্ত পৰিল অম্লান বৰগোঁহাইৰ এছিয়ান গেমছৰ বিতৰ্ক।এছিয়ান গেমছৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হ’ব অম্লান বৰগোঁহাই। ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ সভাপতিয়ে টুইট যোগে এই কথা নিশ্চিত কৰে।
উল্লেখ্য যে, যোগ্যতা অৰ্জনৰ পিছতো ভাৰতীয় দলত স্থান লাভ কৰা নাছিল অম্লানে। যাৰ বাবে ৰাজ্যৰ লগতে দেশৰ ক্ৰীড়াপ্ৰেমীৰ মাজত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এছিয়ান গেমছলৈ যোগ্যতা অৰ্জনত কিছু পলম হোৱাৰ বাবেই অম্লানৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিল।
আৰু অৱশেষত এই বিতৰ্কৰ অন্ত পেলাই এছিয়ান গেমছত অম্লানৰ নাম অন্তভুক্তি হ'ব বুলি জানিব পাৰি উৎফুল্লিত হৈ পৰিছে ক্ৰীড়াপ্ৰেমী। জানিব পৰা অনুসৰি অহা ১১ ছেপ্টেম্বৰত ক্ৰীড়া মন্ত্ৰণালয়ৰ দ্বিতীয়খন তালিকা প্ৰকাশ পাব আৰু তাত অম্লানৰ নাম অন্তৰ্ভুক্ত থাকিব ৷
Also Read: বজালী জিলাত আৰক্ষীৰ ব্যাপক ৰদ-বদল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us