বজালী জিলাত আৰক্ষীৰ ব্যাপক ৰদ-বদল

বজালী জিলাত আৰক্ষীৰ ব্যাপক ৰদ-বদল

ডিজিটেল ডেস্কঃ বজালী জিলাৰ আৰক্ষীৰ ব্যাপক ৰদ-বদল। এছ পি অজাগবৰণ বসুমতাৰীয়ে দায়িত্ব লোৱাৰ পিছতেই এই ৰদ-বদল কৰা হয় জিলাখনত। এক জাননী যোগে এই কথা প্ৰকাশ কৰে অসম আৰক্ষীয়ে। জিলাখনৰ ১০গৰাকী আৰক্ষীক ৰদ-বদলৰ নিৰ্দেশ দিছে বিভাগটোৱে।

জাননী অনুসৰি এছ আই (ইউবি) বিকাশজ্যোতি ডেকাক পাটাছাৰকুছি থানাৰ অ'চি হিচাপে নিযুক্তি। আনহাতে ডব্লুউ এছ আই (পি) দিপ্তী গগৈক পাটাছাৰকুছি থানাৰ সহকাৰী বিষয়া হিচাপে নিযুক্তি দিয়াৰ সমান্তৰালভাবে এছ আই (ইউবি) অনিল কুমাৰ দাসক পাটাছাৰকুছি থানাৰ চিৰষ্টাৰ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

আকৌ এছ আই (পি) বিষ্ণু প্রসাদ ভূঞাক ভৱানীপুৰ আৰক্ষী চকীৰ আই চি হিচাপে নিযুক্তি দিয়াৰ কথা জাননীত উল্লেখ আছে। তদুপৰি এছ আই (ইউবি) জেহেৰুল ইছলামক বাঘমাৰা আৰক্ষী চকীৰ আই চি, এছ আই (ইউবি) ৰজত চন্দ্র বৈশ্যক সৰুপেটা আৰক্ষী চকীৰ আই চি, এছ আই (ইউবি) নজৰুল ইছলামক পাঠশালা আৰক্ষী থানাৰ অ'চি হিচাপে নিযুক্তি প্ৰদান কৰিছে বিভাগে।

লগতে ইউ বি চি বিকাশ দাসক ভৱানীপুৰ আৰক্ষী চকীৰ এল চি আৰু ইউ বি চি কবিৰাম ৰায়ক সৰুপেটা আৰক্ষী চকীৰ এল চি হিচাপে নিযুক্তি দিয়াৰ কথাও উল্লেখ আছে জাননীত।

উল্লেখ্য যে, চুপাৰি মাফিয়াক ধন দাবী কৰা ঘটনাৰে জড়িত থকাৰ অপৰাধ বজালী জিলাৰ কেইবাজনো আৰক্ষী বিষয়া-কৰ্মচাৰীক আটক কৰাৰ সমান্তৰালভাবে গ্ৰেপ্তাৰো কৰিছে চি আই ডিয়ে। এই ঘটনাৰ পৰিপ্ৰেক্ষিততেই জিলাখনৰ আৰক্ষী বিভাগত এই ৰদ-বদল কৰা হয়।

বজালী জিলাত আৰক্ষীৰ ব্যাপক ৰদ-বদল
জীৱন নাট সামৰি অজান দেশলৈ বিশিষ্ট সমাজকৰ্মী লক্ষীনাথ বৰগোহাঞি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in