আহমেদাবাদত উপস্থিত অমিত শ্বাহ, উদ্বোধন কৰিব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সংগীত…

আহমেদাবাদত উপস্থিত অমিত শ্বাহ, উদ্বোধন কৰিব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সংগীত…

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰবিবাৰে আহমেদাবাদত উদ্বোধন কৰিব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সংগীত আৰু মেছকট মুকলি কৰিব এক অনুষ্ঠানত । এই অনুষ্ঠানটিত তেখেতৰ সৈতে উপস্থিত থাকিব কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু গুজৰাটৰ মুখ্য মন্ত্ৰী ভূপেন্দ্ৰ পেটেল । এই কাৰ্য্যসূচী অনুষ্ঠিত হ'ব আহমেদাবাদৰ ই কে এ এৰীনা ট্ৰেন্স ষ্টেডিয়ামত, য'ত অংশগ্ৰহণ কৰিব দেশৰ প্ৰায় ৯ হাজাৰ জন অতিথিয়ে ।

এই অনুষ্ঠানটিত সংগীত আৰু মেছকটৰ উপৰিও ৰ‍াষ্ট্ৰীয় ক্ৰীড়াৰ এটি ৱেবছাইট তথা মোবাইল ফোনৰ এপ্লিকেছনো মুকলি কৰি দিয়া হ'ব সমগ্ৰ দেশবাসীৰ বাবে । ইয়াৰ উপৰিও এই অনুষ্ঠানটিতেই সামৰণি পৰিব গুজৰাট চৰকাৰে আয়োজন কৰা ১১ সংখ্যক খেল মহোৎসৱৰ ।
উল্লেখ্য যে, প্ৰায় ৭ বছৰ পাছত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়াৰ । এই বছৰ ছেপ্তেম্বৰৰ ২৯ তাৰিখৰ পৰা অক্টোবৰৰ ১২ তাৰিখলৈ গুজৰাটকে সামৰি দেশৰ ৬ খন চহৰত অনুষ্ঠিত হ'ব এই ক্ৰীড়া ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in