কবিতা/৪০  জোনাকী পৰুৱাৰ কবিতা

কবিতা/৪০  জোনাকী পৰুৱাৰ কবিতা

  – মোহিত ৰাভা

যোৱা ৰাতি এটি জোনাকি

মোৰ আঠুৱাৰ ভিতৰত সোমাল ।

 মই তাক সুধিলো

জোনাক বেচিবলৈ আহিছা নেকি…?

সি কলে…

গধুলি পদুলিত তোমাক দেখিলো,

বৰষুণৰ গানত কবিত এটা লিখিলো,

তাকেই তোমাক শুণাম বুলি আহিলো ।

তিৰবিৰ পোহৰত মই বাট হেৰুআও,

সুৰুযৰ পোহৰত নিজকে হেৰুআও,

জোনৰ জোনাক সেয়েহে বৰ ভাল পও,

আহিনৰ তিৰ-বিৰ তৰাৰ আকাশ

ফুট-গধূলিত মই যেন

তোমাৰ পদুলিত আঁকি থৈ  যাও ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in