IPL-2023: ধোনি থাকিল, আই পি এলক বিদায় দিলে CSK ৰ আন এজন ক্ৰিকেটাৰে...

IPL-2023: ধোনি থাকিল, আই পি এলক বিদায় দিলে CSK ৰ আন এজন ক্ৰিকেটাৰে...
IPL-2023: ধোনি থাকিল, আই পি এলক বিদায় দিলে CSK ৰ আন এজন ক্ৰিকেটাৰে...

ডিজিটেল ডেস্কঃ আই পি এল-২০২৩ ৰ পাছতেই মহেন্দ্ৰ সিং ধোনি (Mahendra Singh Dhoni) য়ে অৱসৰ গ্ৰহণ কৰিব বুলি চৰ্চা চলি আছিল যদিও সকলোকে আচৰিত কৰি ধোনিৰ পৰিৱৰ্তে অৱসৰ গ্ৰহণ কৰিলে আন এগৰাকী ক্ৰিকেটাৰেহে। চেন্নাই চুপাৰ কিংছ (Chenai Supper KIngs) ৰ গুৰুত্বপূৰ্ণ খেলুৱৈ আম্বতি ৰায়ডু (Ambati Rayudu)-এ।

টুইটাৰৰ জৰিয়তে তেওঁ আজি এই কথা ঘোষণা কৰিলে। মেচৰ পূৰ্বে টুইটাৰ হেণ্ডেলত আম্বাতি ৰায়ডুৱে লিখিলে, দুটা দুৰ্দান্ত দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছ। ১৪ টা ছিজন, ৮ খন ফাইনেল, ৫ টা ট্ৰফী।

ইয়াৰোপৰি তেওঁ লিখিছে, আশা কৰিছো আজি ৬ নম্বৰ ট্ৰফীটো আহিব। খুব সুন্দৰ এক যাত্ৰা। মই সিদ্ধান্ত লৈছো আজিৰ ফাইনেলেই মোৰ অন্তিম আই পি এলৰ মেচ। এই টুৰ্ণামেণ্ট সুন্দৰকৈ উপভোগ কৰিছো। সকলোকে ধন্যবাদ। ইউ-টাৰ্ণ নলও।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আই পি এলৰ পৰা বিদায় লৈছিল আম্বাতি ৰায়ডুৱে। এয়া তেওঁ দ্বিতীয়বাৰৰ বাবে আই পি এলক বিদায় জনাইছে। সেয়ে তেওঁ একেবাৰে শেষত লিখিলে আকৌ ইউ-টাৰ্ণ নলয় বুলি।

২০১৮ চনত চেন্নাই চুপাৰ কিংছে ক্ৰয় কৰিছিল এইগৰাকী ক্ৰিকেটাৰক। তেতিয়াৰ পৰাই তেওঁ হালধিয়া জাৰ্ছি পৰিধান কৰি আই পি এলত অংশগ্ৰহণ কৰি আহিছে। চলিত ছিজনত আম্বাতি ৰায়ডুক ৬.৭৫ কোটি টকাত ক্ৰয় কৰিছিল চি এছ কেয়ে।

২০১৮ ত আই পি এলত চি এছ কেৰ হৈ আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই তেওঁক পুনৰ ভাৰতীয় দললৈ ঘূৰাই অনা হৈছিল। চেন্নাইত যোগদান কৰাৰ পূৰ্বে তেওঁ ২০১০ ৰ পৰা ২০১৭ লৈ খেলিছিল মুম্বাইৰ সৈতে। 

আই পি এলত তেওঁ এই পৰ্যন্ত খেলিছে ২০৩ খন মেচ। তেওঁৰ নামত আছে ৪৩২৯ ৰাণ। আছে এটা শতক আৰু ২২ টা অৰ্ধশতক। অন্তিমখন মেচৰ হিচাপ এতিয়াও কৰা নাই। মাজত আছে এতিয়াও সময়। অন্তিম মেচখনত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত চকু ৰাখিব সকলোৱে।

আজি গুজৰাট আৰু চেন্নাই চুপাৰ কিংছৰ মাজত আই পি এল-২০২৩ ৰ ফাইনেল। বৰষুণৰ বাবে মেচখন অনুষ্ঠিত হোৱাত কিছু পলম হৈছে যদিও শেষ মুহূৰ্তলৈকে অপেক্ষা কৰিব বি চি চি আইয়ে। প্ৰয়োজনত চুাপৰ অভাৰৰ ব্যৱস্থা কৰিব। কিন্তু খেল হ’বই বুলি মন্তব্য কৰিছে আই পি এলৰ অধ্যক্ষ অৰুণ ধুমালে।

IPL-2023: ধোনি থাকিল, আই পি এলক বিদায় দিলে CSK ৰ আন এজন ক্ৰিকেটাৰে...
IPL-2023 Final: বৰষুণেও দিব নোৱাৰে বাধা, আছে বিকল্প ব্যৱস্থা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in