/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a81efe52-7df3-4288-95fc-1c7510c798b2/AP_FOR_WEB_ind_vs_nz.jpg)
ডিজিটেল ডেস্ক : বিশ্বকাপ ২০২৩ত সম্প্ৰতি দুয়ো দলেই অপৰাজেয় হৈ আছে। বিজয় ধাৰা অৱ্যাহত আছে ভাৰত আৰু নিউজিলেণ্ডৰ। আজি হ'ব দুয়ো দলৰ অগ্নিপৰীক্ষা।
যিকোনো এটা দলৰ জয়ৰ ধাৰা ভংগ হোৱাটো খাটাং। ধৰমশালাত অনুষ্ঠিতব্য এই মেচখন হ'ব উভয়ৰে বাবে ফাইনেলসদৃশ। ইতিমধ্যে পৃথকে পৃথকে বিশেষ ৰণ কৌশল প্ৰস্তুত কৰিছে।
ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে এইবাৰ পোতক তুলিব। ২০১৯ বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডে পৰাস্ত কৰিছিল ভাৰতক। সুবিধা এৰি নিদিয়ে ৰোহিত বাহিনীয়ে।
ইফালে হাৰ্ডিক পাণ্ডিয়াৰ আঘাতৰ সুযোগ গ্ৰহণ কৰিব কিৱি বাহিনীয়ে। এনেহেন গুৰুত্বপূৰ্ণ মেচত পাণ্ডিয়াৰ দৰে অলৰাউণ্ডাৰৰ অনুপস্থিতি দলৰ বাবে শুভ নহয়। ইয়াকেলৈ চিন্তিত মেনেজমেণ্ট।
পাণ্ডিয়াৰ স্থানত কাক খেলাব তাকলৈ সমীকৰণ মিলা নাই টীম ইণ্ডিয়াৰ। অশ্বিন হ'ব পাৰে প্ৰথম পচণ্ড। দ্বিতীয় পচণ্ডত আছে সূৰ্যকুমাৰ যাদৱ। যদিহে ৬জন বলাৰেৰে ভাৰত অৱতীৰ্ণ হয় তেন্তে শ্বাৰ্দুল ঠাকুৰ খেলাটো নিশ্চিত। ছামীৰো আছে পূৰ্ণ সম্ভাৱনা।
ইফালে আজিৰ এই মেচখনৰ বাবেই বিগত মেচত খেলা নাছিল কিৱি অধিনায়ক কেন উইলিয়ামছনে।বিশ্ৰাম লৈছিল তেওঁ। আজি তেওঁ খেলাটো একপ্ৰকাৰ নিশ্চিত। যদিহে উইলিয়ামছন অন্তৰ্ভুক্ত হয়;তেন্তে শ'লঠেকত পৰিব পাৰে টীম ইণ্ডিয়া।
ভাৰতৰ বেটিঙৰ গুৰিবঠা ধৰিব ৰোহিত,বিৰাট,কে এল ৰাহুল আৰু শুভমন গীলে। অৱশ্যে শ্ৰেয়াছ আয়াৰৰ শেহতীয়া প্ৰদৰ্শনে চিন্তিত কৰিছে মেনেজমেণ্টক। ট্ৰেণ্ট বুল্ট ভাৰতীয় বেটাৰৰ বাবে মূৰৰ কামোৰণি হ'ব পাৰে।
কিয়নো ২০১৯ বিশ্বকাপত মেট হেনৰী আৰু বুল্টে খহাইছিল ভাৰতীয় বেটিং লাইন-আপ। মাত্ৰ ৫ৰানতে পেভিলিয়মুখী হৈছিল ৰাহুল-ৰোহিত আৰু বিৰাট কোহলি। আজিৰ এই মেচখন হ'ব প্ৰতিশোধৰ মেচ। মহাসংগ্ৰামৰ দিশে দুই শক্তিধৰ ভাৰত-নিউজিলেণ্ড।
Also Read: ভ্ৰাম্যমাণ নাট্য জগতৰ মহীৰূহ-সংগীতজ্ঞ দশৰথ দাস আৰু নাই