ভ্ৰাম্যমাণ নাট্য জগতৰ মহীৰূহ-সংগীতজ্ঞ দশৰথ দাস আৰু নাই

ভ্ৰাম্যমাণ নাট্য জগতৰ মহীৰূহ-সংগীতজ্ঞ দশৰথ দাস আৰু নাই

ডিজিটেল ডেস্ক : সংস্কৃতিৰ বৰ পথাৰ উকা কৰি গ'লগৈ সংগীতজ্ঞ দশৰথ দাস। ভ্ৰাম্যমাণ নাট্য জগতৰ মহীৰূহ-সংগীতজ্ঞ দশৰথ দাস আৰু নাই। শনিবাৰে মাজনিশা সংসাৰৰ মায়া ত্যাগ কৰি তেওঁ অজান দেশলৈ গতি কৰে।

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল সংগীতজ্ঞগৰাকী। বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ প্ৰথমগৰাকী ব্ৰজ নাথ শৰ্মা বঁটা প্ৰাপক শিল্পী আছিল দশৰথ দাস।

ভ্ৰাম্যমাণ থিয়েটাৰৰ সংগীতত অনন্য মাত্ৰা প্ৰদান কৰা দৰশথ দাসৰ মৃত্যু সংস্কৃতিৰ পথাৰখনৰ বাবে অপূৰণীয় ক্ষতি। ইয়াৰোপৰি দুখনকৈ অসমীয়া কথাছবিৰ সংগীত পৰিচালনা কৰিছিল শিল্পীগৰাকীয়ে।

'সাদৰী' আৰু 'সেন্দূৰ' নামৰ ছবি দুখনত তেওঁ সংগীত দিছিল। উল্লেখ্য যে, পাশ্চাত্য সংগীত সম্পৰ্কে বিশেষ দখল আছিল শিল্পী দাসৰ। কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰা 'টাইটানিক' নাটকৰ সংগীত পৰিচালনা কৰিছিল দশৰথ দাসে। সংগীতজ্ঞগৰাকীৰ মৃ্ত্যুৰ খবৰে সকলোকে ব্যথিত কৰি তুলিছে।

ভ্ৰাম্যমাণ নাট্য জগতৰ মহীৰূহ-সংগীতজ্ঞ দশৰথ দাস আৰু নাই
আজি মহাষ্টমী : মহাগৌৰী ৰূপত পূজিত হ'ব দেৱী দুৰ্গা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in