/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/954c81ca-369c-48be-9831-4b581dc592b0/AP_FOR_WEB_cricket_aus.jpg)
ডিজিটেল ডেস্কঃ চন ১৮৭৭। সৌ তাহানিতে টেষ্ট ক্ৰিকেটৰ জৰিয়তে ক্ৰিকেটৰ বৰপথাৰত ভূমুকি মাৰিছিল অষ্ট্ৰেলিয়াই। ক্ৰিকেটত টেষ্ট সংস্কৰণেই আদি। বিশ্ব ক্ৰিকেটত অষ্ট্ৰেলিয়া সদায় অষ্ট্ৰেলিয়াই।
ক্ৰিকেট যিমানেই অনিশ্চিয়তাৰে ভৰা খেল নহওক কিয় অষ্ট্ৰেলিয়া ক্ৰিকেট দলক প্ৰতিপক্ষই সদায় সমীহ কৰি চলে । এই পৰম্পৰা নতুন নহয়, ছাৰ ডন ব্ৰেডমেনৰ দিনৰ পৰাই চলি অহা এক পৰম্পৰা।
বিশ্ব ক্ৰিকেটত কেংগাৰু বাহিনীৰ এটা নাম আছে,আছে এখন সুকীয়া আসন। কিয়নো প্ৰাপ্তিৰ দিশৰ পৰা প্ৰায় সকলোৰে ঊৰ্ধত অষ্ট্ৰেলিয়া। ঈৰ্ষণীয় সফলতা লাভ কৰিছে অষ্ট্ৰেলিয়া ক্ৰিকেট দলে।
এনেবোৰ সফলতাৰ পাছতেই ক্ৰিকেটৰ জগতত অষ্ট্ৰেলিয়াই আজিৰে পৰা সাফল্যৰ পূৰ্ণতা লাভ কৰিলে। বিশ্ব ক্ৰিকেটৰ অভিভাৱক আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল (আই চি চি)। আই চি চিয়ে আয়োজন কৰে এদিনীয়া বিশ্বকাপ,চেম্পিয়নচ ট্ৰফী,টী-২০ বিশ্বকাপ আৰু শেহতীয়াকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ।
আই চি চিয়ে আয়োজন কৰা সকলো ট্ৰফীৰ সোৱাদ পাইছে অষ্ট্ৰেলিয়াই। ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭ আৰু ২০১৫ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ খিতাপ অৰ্জন কৰি সম্প্ৰতি সৰ্বাধিক এদিনীয়া বিশ্বকাপ খিতাপ অৰ্জন কৰা দল হিচাপে শীৰ্ষত অষ্ট্ৰেলিয়া।
আনহাতে অষ্ট্ৰেলিয়াই ২০২১ বৰ্ষত টী-২০ বিশ্বকাপ,২০০৬ আৰু ২০০৯বৰ্ষত চেম্পিয়নচ ট্ৰফী জয়ৰো সোৱাদ পাইছে। ইয়াৰোপৰি শেহতীয়াকৈ ইংলেণ্ডত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতক হৰুৱাই দখল কৰে টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ।
ইয়াৰ সুবাদতে অষ্ট্ৰেলিয়া ক্ৰিকেট দল বিশ্ব ক্ৰিকেটত আই চি চিয়ে আয়োজন কৰা প্ৰতিযোগিতাসমূহৰ সকলো ট্ৰফী জয় কৰা দল হিচাপে পৰিগণিত হয়। বিপৰিতে ভাৰতে লাভ কৰিছে ১৯৮৩ আৰু ২০১১চনত দুবাৰকৈ এদিনীয়া বিশ্বকাপ,২০০৭ চনত টী-২০ বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী।
বৰ্তমানলৈকে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিব পৰা নাই। সম্প্ৰতি অনুষ্ঠিত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দুয়োটা সংস্কৰণত ভাৰত ৰানাৰ্ছ-আপতে সন্তুষ্ট থাকিবলগীয়া হৈছে।
টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম সংস্কৰণত ভাৰত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল আৰু দ্বিতীয় তথা শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়। ভাৰত তথা বিশ্বৰ ক্ৰিকেটৰ অনুৰাগীসকল আশাবাদী, অনাগত দিনত ভাৰতীয় খেলুৱৈসকলে আই পি এলৰ দৰে আই চি চিয়ে আয়োজন কৰা প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিব পাৰিব...।