/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/837ae670-abd7-41b4-bba3-6b36c2dfdb11/AP_FOR_WEB__1.jpg)
ডিজিটেল ডেস্ক: প্ৰতিভা, একাগ্ৰতা আৰু নিষ্ঠাৰ সন্মুখত যেন হাৰ মানে নানা অভাৱে। খাদ্য-বাসস্থানৰ অভাৱে জুৰুলা কৰিলেও তেঁও এৰি দিয়া নাছিল ক্ৰিকেট। মনে-প্ৰাণে তেঁও ভালপাই ক্ৰিকেট।
দেহৰ কোহে কোহে, আহে-আহে বৈ আছে ক্ৰিকেট। হয় এইগৰাকী ক্ৰিকেটাৰ হৈছে উগাণ্ডাৰ। আসন্ন টি-২০ বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰিছে উগাণ্ডা নামৰ দেশখনে।
সেয়ে সমাগত বিশ্বকাপত দেখা পোৱা যাব উগাণ্ডা ক্ৰিকেট দলক। আৰু এই দলটোৰে এগৰাকী নিয়মীয়া বলাৰ হৈছে জুমা মিয়াগী।
জুমা মিয়াগীৰ জন্ম উগাণ্ডাৰ ৰাজধানী কাম্পালাত। কাম্পালা মূলতঃ বস্তি অঞ্চল। য’ত বাস কৰে প্ৰায় ৬০ শতাংশ লোকে।
কাম্পালাৰ বস্তি অঞ্চলৰ সৰহসংখ্যক লোকে নানা অভাৱ-অনাটনৰ মাজেৰে দিন পাৰ কৰে। এবেলা এমুঠি খাই ৰাতিৰ সাজৰ বাবে চিন্তা কৰিব লগা অৱস্থা।
ব্যতিক্ৰম নহয় উগাণ্ডা ক্ৰিকেট দলৰ বলাৰ জুমা মিয়াগীৰ পৰিয়ালো। এক অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰে অঞ্চলবাসীয়ে।
কিন্তু সেই অঞ্চলৰে যুৱ ক্ৰিকেটাৰ জুমা মিয়াগীয়ে নানা সমস্যাৰে যুঁজি আজি টি-২০ বিশ্বকাপৰ দৰে মেগা প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিবলৈ ওলাই আহিছে। ক্ৰিকেটৰ প্ৰতি থকা প্ৰবল ধাউতিৰ বাবেই প্ৰতিটো সমস্যাক প্ৰত্যাহ্বান হিচাপে গ্ৰহন কৰি আজি জাতীয় দলক প্ৰতিনিধিত্ব কৰিছে।
২১ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিতব্য টি-২০ বিশ্বকাপত উগাণ্ডা জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিব। তেঁওৰ এই বৰ্ণিল ক্ৰিকেট যাত্ৰা সন্দৰ্ভত কয় যে তেওঁলোকৰ অঞ্চলত নাই বিশুদ্ধ খোৱাপানী আৰু নলা-নৰ্দমাৰ ব্যৱস্থা। নাই স্বাস্থ্যকৰ পৰিৱেশ।
নিজৰ মনোবল আৰু দৃঢ়তাৰ বাবেই তেঁও বস্তিৰ পৰা ওলাই আহি উগাণ্ডাৰ ১৯ বছৰ অনুৰ্ধ দলত খেলিবলৈ সুযোগ লাভ কৰে। পিছলৈ তেঁও সুযোগৰ সদ্ব্যৱহাৰ কৰি জাতীয় দলত স্থান লাভ কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তেঁও জাতীয় দলৰ হৈ ২১খন মেচ খেলি দখল কৰিছে ৩৪টা উইকেট। স্বাভাৱিকতে উগাণ্ডাৰ এইগৰাকী ক্ৰিকেটাৰক নৱপ্ৰজন্মৰ বাবে উদাহৰণ হিচাপে গন্য কৰিব পাৰি। কিয়নো নিষ্ঠা, একাগ্ৰতা সন্মুখত যেন হাৰ মানি যায় সকলো অভাৱ।
Also Read: পশ্চিমবংগত জব্দ ১০৮ কোটি টকাৰ সুৰা