/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cc37cdbd-edd1-4ad7-bddd-d9740a226094/30_05_2024_sharab_jabt_23728498.webp)
ডিজিটেল ডেস্ক : লোকসভাৰ দিন ঘোষণা কৰাৰ পিচৰে পৰা নিৰ্বাচন আয়োগে যোৱা ৩মাহত পশ্চিমবংগৰ বিভিন্ন প্ৰান্তৰ পৰা ১০৮ কোটি টকা মূল্যৰ সুৰা জব্দ কৰিছে। উল্লেখযোগ্য যে যোৱা মাৰ্চৰ মাজভাগত ঘোষণা কৰা হৈছিল নিৰ্বাচনৰ দিন।
যোৱা ২৯ মে’পৰ্যন্ত বংগত নিৰ্বাচন আয়োগে তৎপৰতা দেখুৱাই ১০৮.৩৬কোটি টকা মূল্যৰ সুৰাৰ লগতে ৪৭. ১৯ লাখ টকাৰ নিচাযুক্ত দ্ৰব্যও জব্দ কৰে। একদৰে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যখনৰ খিদিৰিপুৰ অঞ্চলত এজন ব্যক্তিৰ পৰা নগদ ২৪ লাখ টকা আয়োগৰ দলে জব্দ কৰে।
Also Read: পূৰ্বৰ অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ-বিদেশৰ বহু পৰ্যটক...