আজি মহাৰণ : ১৪০ কোটি ভাৰতীয়ৰ বুকুত সাঁচি ৰখা সপোনে প্ৰাণ পাব ২২ গজত

বুকুত ঘন ঘন উশাহৰ লহৰ। নিশাহৰ কুহুমিয়া উত্তাপ। উৎকণ্ঠা সমান্তৰালকৈ উৎসুকতা। আৰম্ভ হৈছে প্ৰহৰ গণনা।
আজি মহাৰণ : ১৪০ কোটি ভাৰতীয়ৰ বুকুত সাঁচি ৰখা সপোনে প্ৰাণ পাব ২২ গজত

ডিজিটেল ডেস্ক : বুকুত ঘন ঘন উশাহৰ লহৰ। নিশাহৰ কুহুমিয়া উত্তাপ। উৎকণ্ঠা সমান্তৰালকৈ উৎসুকতা। আৰম্ভ হৈছে প্ৰহৰ গণনা। পলে-পলে ক্ষণ গণনাত ব্যস্ত ১৪০ কোটি ভাৰতীয়। এইবাৰ বিশ্বকাপ আমি এৰি নিদিও। এই খিতাপৰ প্ৰবল দাবীদাৰ আমি। হে ঈশ্বৰ,হে আল্লা এইবাৰ নিৰাশ নকৰিবা। মন্দিৰে-মছজিদে এয়াই প্ৰাৰ্থনা প্ৰতিগৰাকী ভাৰতীয়ৰ।

আজি বিশ্বকাপৰ মহাৰণ। সমুখ সমৰত দুই মহাশক্তি ভাৰত বনাম অষ্ট্ৰেলিয়া। ২২ গজে নিৰ্ণয় কৰিব দুই দলৰ ভাগ্য। কোন হ'ব বিশ্ব চেম্পিয়ন। ১১ জনীয়া সৈনিকৰে পুষ্ট ৰোহিতবাহিনীৰো এটা প্ৰাৰ্থনা- এইবাৰ যাতে ভাগ্য সুপ্ৰসন্ন হয়। ২০১১ৰ পৰা খাইছে মাথো উজুটি। সন্মুখীন হ'ব লগা হৈছে নানা প্ৰশ্নৰ।

২০০৩ চনৰ বিশ্বকাপৰ ফাইনেল মেচত মুখামুখি হৈছিল উভয় দল। সৌৰভ গাংগুলী নেতৃত্বাধীন টীম ইণ্ডিয়াক পৰাস্ত কৰি কেংগাৰু বাহিনীয়ে আজুৰি আনিছিল বিশ্ব জয়ৰ খিতাপ। সুদীৰ্ঘ দুটা দশকৰ অন্তত পুনৰ মুখামুখি হৈছে ২০০৩ৰ চেম্পিয়ন আৰু ৰানাৰ্ছ-আপ দল। অৱশ্যে মঞ্চ বেলেগ,পৰিৱেশ বেলেগ,খেলুৱৈ বেলেগ আৰু বহু বেলেগ বেলেগ। মাত্ৰ একেই আছে উত্তেজনা আৰু আৱেগ-উন্মাদনা।

১৯৮৩ আৰু ২০১১ৰ পিছত ২০২৩ত ভাৰতৰ সন্মুখত বিশ্বজয়ৰ সুবৰ্ণ সুযোগ। ২০২৩ বিশ্বকাপ আৰম্ভ হৈছিল আহমেদাবাদত। ৯খন চহৰত ৪৬ দিন ধৰি চলিছিল ৪৭খনকৈ মেচ। আজি ৪৮ নম্বৰ মেচ অৰ্থাৎ বিশ্বকাপৰ ফাইনেল।

য'ত আৰম্ভণি তাতে সামৰণি। সাজু হৈ উঠিছে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম। সাজু হৈ উঠিছে দুই দল। উভয়ে প্ৰস্তুত কৰিছে সুকীয়া সুকীয়া ৰণনীতি। অপ্ৰতিৰোধ্য ভাৰতক খিতাপ বঞ্চিত কৰাৰ বাবে যিকোনো মাইণ্ড গেম খেলিব পৰা ক্ষমতাত সিদ্ধহস্ত অষ্ট্ৰেলিয়া। ভাৰতীয় অপেনিং যুটি ৰোহিত-গীলক আৰম্ভণিতে পেভিলিয়নৰ বাট দেখুৱাওৰ বাবে উঠি-পৰি লাগিছে ষ্টাৰ্ক,জাম্পা,পেট কামিন্স।

চাপ সহিব নোৱাৰি বিৰাট-শ্ৰেয়াসে হেৰুৱাব ভাৰসাম্য। এই ধাৰণাৰে প্ৰস্তুত কৰিছে ৰণনীতি। কিন্তু দাম্ভিক অষ্ট্ৰেলিয়াৰ এই চেষ্টাক বৃথা কৰি ঢাল-তৰোৱাল লৈ যুঁজ দিয়াৰ বাবে প্ৰস্তুত ৰোহিতবাহিনী। যিকোনো প্ৰকাৰে ২০১১ৰ পিছত দেশবাসীৰ শীৰত বিশ্বজয়ৰ মুকুট পিন্ধাই দিবলৈ বদ্ধপৰিপকৰ টীম ইণ্ডিয়া

এই জয় আমাৰেই,এই খিতাপৰ দাবীদাৰ আমিয়েই। এই লক্ষ্য় টীম ইণ্ডিয়াৰ। কোনো শক্তিয়েই যেন ৰুধিব নোৱাৰে এইবাৰ। ইতিমধ্যে অপৰাজিতভাৱে ফাইনেলত উপনীত হৈ দেশবাসীৰ ওচৰত প্ৰমাণ দি থৈছে। বেটিং,বলিং আৰু ফিল্ডিং সকলো দিশৰে পৰা চালে দেখা যায় যে ভাৰত এটা সম্পূৰ্ণ দল।

কাৰো অভাৱ অনুভৱ নহয় দলত। ৰোহিতে নোৱাৰিলে বিৰাট,গীলে নোৱাৰিলে শ্ৰেয়াস। চাৰিও ব্যৰ্থ হ'লে কে এল ৰাহুল-সূৰ্য্যকুমাৰ যাদৱ। মুঠতে সকলোৱে ফৰ্মত। বলিঙতো ছামী-বুমৰাহ-ছিৰাজে ধৰিব গুৰিবঠা। স্পীন চম্ভালিব জাডেজা-কুলদ্বীপে। প্ৰয়োজনত ৰান কৰাৰো ক্ষমতা আছে ৰবীন্দ্ৰ জাডেজাৰ।

দলক নেতৃত্ব দিয়াৰ ক্ষেত্ৰতো ৰোহিতে অভিজ্ঞতাৰ পৰিচয় দিছে। কোন সময়ত কাক ক'ত ফিল্ডিং কৰোৱাব, কাৰ পিছত কাক বলিং কৰোৱাব লাগে,কাৰ কিমান অ'ভাৰ সাঁচি থৈ ৰণনীতি থিতাতে প্ৰস্তুত কৰিব লাগে ইত্যাদি ক্ষেত্ৰত ৰোহিতে জানে তাৰ কৌশল। ৰোহিতৰ বাবে এয়া যেন ফাষ্ট ফুড বনোৱাৰ দৰে।

উল্লেখযোগ্য যে, পৰিসংখ্যাৰ দিশৰ পৰা ভাৰত-অষ্ট্ৰেলিয়া বিশ্বকাপত মুখামুখি হৈছে ১৩বাৰ। ইয়াৰে ৮বাৰ অষ্ট্ৰেলিয়া জয়ী হৈছে আৰু ভাৰত ৫বাৰ। প্ৰথমে বেটিং কৰি ভাৰতে ৩বাৰ জয়ী হৈছে। বিপৰীতে অষ্ট্ৰেলিয়াই ৭বাৰ।

ইয়াৰোপৰি দুয়ো দেশৰ মেচত শচীন তেণ্ডুলকাৰ(অৱসৰপ্ৰাপ্ত) হৈছে সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ। তেওঁ ৩০৭৭ ৰান কৰিছে। আনহাতে অষ্ট্ৰেলিয়াৰ হৈ ৰিকী পণ্টিঙে(অৱসৰপ্ৰাপ্ত) সংগ্ৰহ কৰিছে ২১৬৯ৰান।

ব্যক্তিগতভাৱে শ্ৰেষ্ঠ ইনিংছ খেলিছে ৰিকী পণ্টিঙে। তেওঁ ২০০৩ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে অপৰাজিত ১৪০ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ পিচতে আছে মাৰ্ক ৱ' ১২৬ ৰান। ৱ'ই ১৯৯৬ বিশ্বকাপত খেলিছিল এই ইনিংছ। ইফালে ২০১৯ বিশ্বকাপত ভাৰতৰ শিখৰ ধাৱনে খেলিছিল ১১৭ৰানৰ শতকীয় ইনিংছ। এয়া আছিল দুয়ো দেশৰ হৈ খেলা একক শ্ৰেষ্ঠ ইনিংছ।

পৰিসংখ্যাৰ দিশৰ পৰা অষ্ট্ৰেলিয়া শকত হ'লেও মুঠৰ ওপৰত প্ৰতিপক্ষ অষ্ট্ৰেলিয়াক ত্ৰাহিমধুসূধন দেখুৱাবলৈ সাজু টীম ইণ্ডিয়া। অপেক্ষা মাথো সময়লৈ।

আজি মহাৰণ : ১৪০ কোটি ভাৰতীয়ৰ বুকুত সাঁচি ৰখা সপোনে প্ৰাণ পাব ২২ গজত
ৰহাৰ জোঙাল বলহু গড়ত পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in