কিংবদন্তী খেলুৱৈ মাৰাডনাৰ মৃত্যুঃ অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে চলিব গোচৰ...

কিংবদন্তি খেলুৱৈ মাৰাডোনাৰ মৃত্যুৰ সন্দৰ্ভত আঠ জন চিকিৎসা কৰ্মীৰ বিৰুদ্ধে চলিব গোচৰ । মাৰাডনাৰ মৃত্যুৰ পিছতেই চিকিৎসকে সময়মতে চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছিল

author-image
Asomiya Pratidin
New Update
কিংবদন্তী খেলুৱৈ মাৰাডনাৰ মৃত্যুঃ অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে চলিব গোচৰ...

মাৰাডনা

ডিজিটেল ডেস্কঃ কিংবদন্তি খেলুৱৈ মাৰাডোনাৰ মৃত্যুৰ সন্দৰ্ভত আঠ জন চিকিৎসা কৰ্মীৰ বিৰুদ্ধে চলিব গোচৰ । মাৰাডনাৰ মৃত্যুৰ পিছতেই চিকিৎসকে সময়মতে চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

Advertisment

এই অভিযোগৰ পিছতেই দেশখনৰ আপিল আদালতে শেহতীয়াকৈ আঠ চিকিৎসকৰ বিৰুদ্ধে উচিত সময়ত চিকিৎসা নকৰাৰৰ অভিযোগক সমৰ্থন জনাইছে । লগতে ছান ইছিড্ৰ ব’ৰ্ড অফ আপিলে কয় যে এক প্ৰতিবেদন অনুসৰি নিউৰোচাৰ্জন লিওপোল্ডো লুক, মনোৰোগ বিশেষজ্ঞ আগষ্টিনা কোচাচোভ আৰু আন ছয়জন স্বাস্থ্য কৰ্মী, যিসকল মাৰাডোনাৰ চিকিৎসা সেৱাৰ সৈতে জড়িত আছিল এইসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ।

বিশ্ববিখ্যাত খেলুৱৈ গৰাকীৰ ২০২০ চনৰ নৱেম্বৰত ৬০ বছৰ বয়সত মৃত্যু হৈছিল । মৃত্যুৰ কেইদিনমান পূৰ্বেই খেলুৱৈগৰাকীক চাবডিউৰেল হেমাট্ৰমা নামৰ ৰোগবিধৰ বাবে মগজুৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল ।

উল্লেখ্য যে মৃত্যুৰ পিছত প্ৰতিবেদনত দাবী কৰা হৈছিল যে মাৰাডোনা হৃদৰোগত আক্ৰান্ত হৈছিল যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। আৰু এই মৃত্যু স্বাভাৱিক বুলি উল্লেখ কৰা হৈছিল । ১৯৮৬ চনত আৰ্জেন্টিনাত বিশ্বকাপৰ জয় সোৱাদ দিবলৈ সক্ষম হৈছিল মাৰাডনাই ৬০ বছৰ বয়সত ডিকিউ লুজানত শেষ নিশ্বাস ত্যাগ কৰে ।

Also Read: প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে পাঞ্জাৱৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ : জয়ৰ আশাত দিল্লী কেপিটেছ

maradona football