ৰাষ্ট্ৰীয় বক্সিঙত অসমৰ ৪ গৰাকী বক্সাৰৰ পদক অৰ্জন...

ৰাষ্ট্ৰীয় বক্সিঙত অসমৰ ৪ গৰাকী বক্সাৰৰ পদক অৰ্জন...
ৰাষ্ট্ৰীয় বক্সিঙত অসমৰ ৪ গৰাকী বক্সাৰৰ পদক অৰ্জন...

ডিজিটেল ডেস্কঃ নয়দাত অনুষ্ঠিত হোৱা এলিট মহিলাৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অসমৰ ৪ গৰাকীকৈ খেলুৱৈয়ে পদক লাভ কৰিছে। উল্লেখ্য যে, ২২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন বুধবাৰে সামৰণি পৰিছে।

প্ৰতিযোগিতাখনত অসমৰ চাৰি বক্সাৰ ক্ৰমে অংকুশিতা বড়ো, ভাগ্যৱতী কছাৰী, ৰূপালী হাজৰিকা আৰু ইলোৰা বৰগোহাঁয়ে পদক লাভ কৰিছে।

ইয়াৰে অংকুশিতা বড়োৱে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে বাকী তিনিওগৰাকী বক্সাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াৰ লগে লগে আটাইকেইগৰাকী বক্সাৰেই ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত হৈছে।

ৰাষ্ট্ৰীয় বক্সিঙত অসমৰ ৪ গৰাকী বক্সাৰৰ পদক অৰ্জন...
আৰক্ষীৰ তালাচীৰ মাজতে নিশা জনতা ভৱনৰ কাষত দুৰ্ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in