৪৩ বছৰ বয়সতো বিশ্ব টেনিছক দমন ৰোহণ বোপান্নাৰ

৪৩ বছৰ বয়সতো বিশ্ব টেনিছক দমন ৰোহণ বোপান্নাৰ

ডিজিটেল ডেস্ক : বয়স যেন কেৱল এটা সংখ্যা হে । সেই কথাই বাৰে বাৰে প্ৰমাণ কৰি আহিছে বহু লোকে । খেলৰ জগতত এই উদাহৰণ অসংখ্য । সেই কথাই প্ৰমাণ কৰিছিল ভাৰতীয় টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে । ৪৪ বছৰ বয়সত ডেভিছ কাপৰ মেছ খেলিবলৈ ক'ৰ্টত নামি পৰিছিল খেলুৱৈগৰাকী ।

সেই একেই কামেই পুনৰ এবাৰ কৰি দেখুৱালে আন এগৰাকী ভাৰতীয় টেনিছ খেলুৱৈ ৰোহণ বোপান্নাই । ৪৩ বছৰীয়া ৰোহণ বোপান্নাই প্ৰায় ৭ বছৰ পিছত পুৰুষৰ ডাবলছৰ প্ৰথম দহৰ ভিতৰত স্থান লাভ কৰাতো প্ৰায় নিশ্চিত হৈ পৰিছে ।

আগন্তুক ২২ মে'ত এ টি পিয়ে যি নতুন ৰেংকিং তালিকা প্ৰকাশ কৰিব, তাত বোপান্নাই নৱম অথবা তাৰ ওপৰত স্থান লাভ কৰাতো নিশ্চিত । ইয়াৰ পূৰ্বে ২০১৬ চনৰ মাৰ্চত শেষবাৰলৈ ৰেংকিঙৰ প্ৰথম দহত আছিল তেওঁ । তাৰ পৰৱৰ্তী সময়ত ছন্দ হেৰুৱাই অৱনমিত হৈছিল । পিচে শেহতীয়াকৈ দুটাকৈ ট্ৰ'ফী জয় কৰি ৰেংকিঙত বহদূৰ আগুৱাইছে বোপান্না । যাৰ ফলত ভাৰতীয় টেনিছ খেলুৱৈগৰাকীয়ে পুনৰ এবাৰ প্ৰমাণ কৰি দিলে যে বয়স মাথো এক সংখ্যা হে ।

৪৩ বছৰ বয়সতো বিশ্ব টেনিছক দমন ৰোহণ বোপান্নাৰ
অভিযোগ! সহজভাৱে ল'ব নোৱাৰে জোনমণিৰ মৃত্যুক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in