অভিযোগ! সহজভাৱে ল'ব নোৱাৰে জোনমণিৰ মৃত্যুক...

অভিযোগ! সহজভাৱে ল'ব নোৱাৰে জোনমণিৰ মৃত্যুক...

ডিজিটেল ডেস্ক : শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাই। ঘটনাটো আছিল মঙলবাৰৰ পুৱতি নিশাৰ। জখলাবন্ধাত পুৱতি নিশা প্ৰায় ২ বজাত ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ ট্ৰাকখনৰ সৈতে জোনমণি ৰাভাৰ এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ গাড়ীখনৰ হৈছিল মুখামুখি সংঘৰ্ষ। ফলত দুৰ্ঘটনাত থিতাতে নিহত হয় আৰক্ষী বিষয়া গৰাকীৰ।

এই ঘটনাৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পূৰ্বৰে পৰা বহু কেইটা কাৰণত চৰ্চিত হোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই মাতৃ, পৰিয়ালৰলোক তথা ৰাজ্যৰ একাংশ লোকে। এগৰাকী বিধায়কক উচিত প্ৰত্যুত্তৰ দি সাহসীকতাৰ পৰিচয় দিয়া ঘটনাৰ পৰা প্ৰথমে চৰ্চা লৈ অহা জোনমণি ৰাভাৰ মৃত্যুত ৰহস্য গোন্ধ পাইছে একাংশই।

মঙলবাৰৰ দিনটোত আৰক্ষী বিষয়া গৰাকীৰ মাতৃয়ে এইয়া এক পৰিকল্পিত হত্যকাণ্ড বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰাৰ পিছতেই, আবেলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰিবলৈ চি আই ডিক দায়িত্ব অৰ্পণ কৰাৰ কথা অৱগত কৰে।

পিছে ইয়াৰ পিছতো অব্যাহত আছে প্ৰতিক্ৰিয়াৰ। ঘটনাৰ প্ৰকৃত সত্য চি আই ডিৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব যদিও জোনমণি ৰাভাৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি এগৰাকী মহিলাই আনিছে অভিযোগ। মহিলা গৰাকীৰ নাম হাছিনা বেগম। আৰক্ষী বিষয়া জোনমণি ৰাভাৰে হাছিনাৰ আছিল সুসম্পৰ্ক। নকল সোণৰ নেক্সাছৰ বিৰুদ্ধে তথ্য যোগান ধৰিছিল হাছিনাই। যাৰ বাবে আৰক্ষী বিষয়া গৰাকীৰ ঘনিষ্ঠ হৈ পৰিছিল মহিলাগৰাকী। ঘটনাৰ সংক্ৰান্তত লখিমপুৰ আৰক্ষীৰ বিৰুদ্ধে মহিলাগৰাকীয়ে আনিছে গুৰুতৰ অভিযোগ।

ইয়াৰ পিছতেই এতিয়া অধিক ৰহস্য আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা। পৰিয়াল তথা একাংশৰ অভিযোগ এই ঘটনাৰে জড়িত আছে বহু উচ্চ পদস্থ বিষয়া। তদুপৰি বিষয়া গৰাকীৰ মৃত্যুৰ দিনা তেওঁৰ চৰকাৰী আৱাসত চলা আৰক্ষীৰ তালাচীক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে বহুতে। এই সন্দৰ্ভত মাতৃ তথা পৰিয়ালৰ লোকেও প্ৰশ্ন কৰিছে অসম আৰক্ষীক।

অভিযোগ! সহজভাৱে ল'ব নোৱাৰে জোনমণিৰ মৃত্যুক...
স্বাধীন অসমৰ পৰা সবল অৰ্থনীতিলৈ... ২৭ বছৰীয়া হ'ল প্ৰতিবাদী কন্ঠ ৰুদ্ধ হোৱাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in