২০২৪ৰ অলিম্পিক বৰ্জন কৰিব ৪০ খনকৈ দেশে

২০২৪ৰ অলিম্পিক বৰ্জন কৰিব ৪০ খনকৈ দেশে

ডিজিটেল ডেস্ক : ক্ৰীড়া আৰু ৰাজনীতিৰ সংহাত নতুন কথা নহয় । অতীজৰে পৰা চলি আহিছে এই দুয়ো ক্ষেত্ৰৰ মাজত অৰিয়আৰি । ৰাজনৈতিক হস্তক্ষেপত ধ্বংস হৈ গ'ল বহু খেলুৱৈৰ জীৱন । ক্ৰীড়া বাদ দি বহুতে আকোৱালি ল'লে ৰাজনীতি অথবা ৰাজনৈতিক আশীৰ্বাদপুষ্ট হৈ বহু অযোগ্য খেলুৱৈয়ে লাভ কৰিলে নানান সুবিধা । এই ঘটনা কেৱল ভাৰতৰ নহয় বৰং সমগ্ৰ বিশ্বৰেই । ৰোমান সাম্ৰাজ্যৰ গ্লেডিয়টৰ সকলেও ভুগিব লগা হৈছিল একেই সমস্যা । বিশ্বযুদ্ধৰ সময়তো জাৰ্মানীক বৰ্জন কৰিব লগীয়া হৈছিল অলিম্পিক কমিটিয়ে ।

অনুৰূপ ঘটনাই সংঘটিত হ'বলৈ গৈ আছে ২০২৪ চনৰ অলিম্পিকৰ সৈতে । সৰ্বমুঠ ৪০ খন দেশে অলিম্পিক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে এইবাৰ । বিগত এটা বৰ্ষতকৈও অধিক কাল ধৰি অব্যাহত আছে ৰাছিয়াৰ ইউক্ৰইন আগ্ৰাসন । ৰাছিয়াৰ এই কাৰ্যক সমৰ্থন কৰিলে বেলাৰুছে । যাৰ পৰিণতিত ৰাছিয়া আৰু বেলাৰুছক নিষিদ্ধ কৰা হ'ল ২০২৪ বৰ্ষৰ অলিম্পিকৰ পৰা ।

আনহাতে, ৰাছিয়া অথবা বেলাৰুছে অথবা অলিম্পিকত অংশ ল'লে ইউক্ৰেইনে অলিম্পিক বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে । তেনেস্থলত এতিয়া সমগ্ৰ বিষয়টোৱেই বিতৰ্কৰ আৱৰ্তত । অৱশ্যে এই সন্দৰ্ভত অধিক চিন্তিত নহয় অলিম্পিক কমিটি । তেওঁলোকৰ মন্তব্য অনুসৰি, সিদ্ধান্তটো বৰ বিশেষ কঠিন নহয় । তথাপিও ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে এক সিদ্ধান্তত উপনীত হ'ব বুলি জনায় অলিম্পিক কমিটিয়ে ।

আনহাতে, অলিম্পিক কমিটিয়ে কেৱল পাছপৰ্টৰ আধাৰত এগৰাকী খেলুৱৈৰ অলিম্পিকত অংশ লোৱাৰ সপোন ভংগ কৰিব বিচৰা নাই । সেইবাবে ১০ ফেব্ৰুৱাৰীৰ বৈঠকত ৰাছিয়া আৰু পোলেণ্ডৰ খেলুৱৈ সকলক কোনো প্ৰকাৰে অলিম্পিকত সন্নিৱিষ্ট কৰিব পৰা যায় নেকি সেই বিষয়েও আলোচনা চলাব । এই সন্দৰ্ভত ব্ৰিটেইনৰ অলিম্পিক কমিটিৰ প্ৰতিনিধি গৰাকীয়ে দিয়া "যুদ্ধৰ আতৰৰ অন্য এক পৃথিৱী" শীৰ্ষক মন্তব্যও তাৎপৰ্যপূৰ্ণ । কিন্তু এই সিদ্ধান্তক কোনোপধ্যেই সমৰ্থন জনোৱা নাই ইষ্টোনিয়া অদি দেশে ।

তেনেস্থলত ৪০ খন দেশৰ অংশগ্ৰহণ প্ৰয়োজনীয় নে বিশ্বশক্তি ৰাছিয়াৰ প্ৰয়োজন সেই সিদ্ধান্ত কমিটিৰ হাতত । কিয়নো ৪০ খন দেশে বৰ্জন কৰাৰ পাছত অলিম্পিক আয়োজনৰ কোনো প্ৰয়োজনীয়তাই নাথাকিব বিশ্বত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in