জাজৰি চুতমণিপুৰত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে এজন লোক

জাজৰি চুতমণিপুৰত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে এজন লোক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত তথা বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰি চুতমণিপুৰত শুকুৰবাৰে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হয়।

𝐀𝐒02𝐁𝐂3158নম্বৰৰ এখন ডাম্পাৰৰ খুন্দাত চাইকেল আৰোহী আবুল হুছেইন (৬০)নামৰ লোকজন থিতাতে নিহত হয়। ইফালে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী চালক পলায়ন কৰে যদিও হেণ্ডিমেন জনক স্থানীয় ৰাইজে আটক কৰে। পাছত পৰিস্থিতি উত্তপ্ত হোৱাত ঘটনাস্থলীত মিকিৰভেটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ডাম্পাৰখন জব্দ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in