৪২ত ৩৭ : ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি কাঢ়িলে কেপ্তেইন কুলে

তেওঁৰ আছে অগণিত অনুৰাগী। বিৰোধী পক্ষই তেঁওক কৰে সমীহ। কাৰণ তেঁও যেন কেপ্তেইন কুল মহেন্দ্ৰ সিঙ ধোনী।

author-image
Asomiya Pratidin
New Update
৪২ত ৩৭ : ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি কাঢ়িলে  কেপ্তেইন কুলে

ডিজিটেল ডেস্ক : তেওঁ দিনৰ দিনটো ফাৰ্ম হাউচত ট্ৰেক্টৰ চলায়। খেতি কৰে। আৰু আই পি এলৰ সময়ত আহি মন জয় কৰে ক্ৰিকেটপ্ৰেমীৰ। আন্তঃৰ্জাতিক ক্ৰিকেটক কাহানিবাই বিদায় জনালেও সম্প্ৰতি খেলি আছে আই পি এল।

Advertisment

তেওঁৰ আছে অগণিত অনুৰাগী। বিৰোধী পক্ষই তেঁওক কৰে সমীহ। কাৰণ তেঁও যেন কেপ্তেইন কুল মহেন্দ্ৰ সিঙ ধোনী। দেওবাৰে নিশা চলি আছিল চেন্নাই চুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ মেচ।

দিল্লীয়ে জয়ৰ বাবে বান্ধি দিছিল পৰ্বতসম ৰান। চেন্নাইৰ ত্ৰাণ কৰ্তাৰূপত ক্ৰিজত প্ৰৱেশ ঘটিছিল ৰুতুৰাজ গাইকোৱাড় আৰু ৰাচীন ৰবীন্দ্ৰৰ। কিন্তু দিল্লীৰ নিৰ্ভৰযোগ্য বাওঁহতীয়া পেচাৰ খলিল আহমেদৰ ঘূৰ্ণী বলিঙত দিশহাৰা হৈ দুয়ো এক অংকৰ ৰান কৰিয়েই পেভিলিয়নমুখী হয়।

তাৰ পাছত আজিংক্যা ৰাহানে (৪৫) আৰু ডাৰেন মিচ্চেলে (৩৪) ৰান কৰি জয়ৰ পোহৰ দেখুৱাইছিল যদিও দুয়োগৰাকী অধিক সময় তিষ্ঠিব নোৱাৰি বিদায় মাগে। ৬ নম্বৰ উইকেটত প্ৰৱেশ ঘটিছিল মহেন্দ্ৰ সিঙ ধোনীৰ।

চলিত আই পি এলত প্ৰথমবাৰৰ বাবে ক্ৰিজলৈ আহিছিল ধোনী। ষ্টেডিয়ামভৰ্তি দৰ্শকৰ হৰ্ষোল্লাস। চাৰিওফালে এটাই চিঞৰ ধোনী...ধোনী...। দীঘল কেশসজ্জাৰে ক্ৰিজত নামিছিল ধোনী। দৰ্শকে যেন পুনৰ আগৰৰূপত দেখা পালে প্ৰিয় মাহীক।

সেই মুহূৰ্ত আছিল ৰোমাঞ্চকৰ। ধোনী অহাৰ পূৰ্বেই অনুমান হৈছিল মেচৰ ফলাফল। চেন্নাইৰ জয়ৰ আশা আছিল একেবাৰেই ক্ষীণ। তথাপিও ৪২ বছৰীয়া ধোনীৰ চমকে আচৰিত কৰিছিল দৰ্শকক। ষ্টেডিয়ামৰ বাহিৰে জিঅ' টিভিত সেই মুহূৰ্তত দৰ্শকৰ সংখ্যা চুইছিল গৈ ২২কোটিৰ ঘৰত। এয়াই ধোনী।

বেটিং কৰিবলৈ আহিয়েই ধোনীয়ে বাউণ্ডেৰীৰে অভিবাদন জনালে অনুৰাগীক। তাৰ পৰৱৰ্তী বলত পালে জীৱন দান। প্ৰতিপক্ষৰ হাতত কেচ তুলি দিও যেন ধোনীৰ প্ৰতি থকা সন্মানত সেই কেচ আয়ত্ব কৰাত ব্যৰ্থ হ'ল এগৰাকী উদীয়মাণ ক্ৰিকেটাৰ।

ইয়াৰ পাছত পুনৰ চলিল ধোনীৰ বেট। গগনচুম্বী ৩টাছিক্সাৰে মন মুহিলে দৰ্শকৰ। মাত্ৰ ১৬বলত ৪টা বাউণ্ডেৰী আৰু ৩টা অ'ভাৰ বাউণ্ডেৰীৰে সংগ্ৰহ কৰিলে ৩৭ ৰান। চেন্নাইৰ পৰায়জৰ পাছতো যেন ষ্টেডিয়ামভৰ্তি হালধীয়াৰ হৰ্ষোল্লাস। নাই কোনো প্ৰতিবাদ,আক্ষেপ কিম্বা ক্ষোভ। কাৰ্যতঃ ৪২বছৰীয়া ধোনীৰ বেটিঙে মুহিলে দৰ্শকৰ মন।

Also Read: ৰিয়ানক চেৰাই শীৰ্ষত বিৰাট কোহলি

chennai super kings MS Dhoni IPL 2024