ৰিয়ানক চেৰাই শীৰ্ষত বিৰাট কোহলি

সম্প্ৰতি শীৰ্ষত থকা বিৰাটৰ ৰান হ'ল ৩খন মেচত ১৮১ৰান

author-image
Asomiya Pratidin
New Update
ৰিয়ানক চেৰাই শীৰ্ষত বিৰাট কোহলি

ডিজিটেল ডেস্ক : চলিত আই পি এল ২০২৪ত অনবদ্য প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে অসম সন্তান তথা ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য বেটাৰ ৰিয়ান পৰাগ। ধাৰাবাহিকভাৱে ৰিয়ানে দেখুওৱা বেটিং বিক্ৰমে মন্ত্ৰমুগ্ধ কৰিছে অনুৰাগী তথা দৰ্শকৰ।

Advertisment

চলিত আই পিএলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ আৰু দিল্লীৰ বিৰুদ্ধে খেলা দুখন মেচত ৰিয়ান পৰাগে ক্ৰমে ৪৩ আৰু ৮৪(অপঃ)ৰানৰ দৰ্শনীয় ইনিংছ খেলিবলৈ সক্ষম হৈছে। দুয়োখন মেচত তেওঁৰ এই ৰানে দলৰ জয়ত অন্যতম বৰঙণি যোগাবলৈ সক্ষম হৈছে। সম্প্ৰতি ৰিয়ানে দুটা ইনিংছত সংগ্ৰহ কৰিছে ১২৭ৰান।

চলিত আই পি এলত ৰিয়ানৰ এই ৰানৰযোগেদি সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। কিন্তু শুকুৰবাৰে বিৰাট কোহলিয়ে তেওঁৰ এই অভিলেখ ভংগ কৰে।

বিৰাট কোহলিয়ে ৰিয়ান পৰাগ আৰু হেনৰী ক্লাছেনক চেৰাই তালিকাৰ শীৰ্ষত উপনীত হয়। আজি কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰ চি বিৰ তাৰকা বেটাৰ বিৰাটে সংগ্ৰহ কৰে ৮৩ৰান। এই সুবাদত বিৰাটে তৃতীয় স্থানৰ পৰা একেকোবে শীৰ্ষত উপনীত হয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দুটা ইনিংছ খেলি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা বেটাৰ হেনৰী ক্লাছেনে ১৪৩ ৰান সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষত আছিল যদিও আজি তেঁও দ্বিতীয় স্থানলৈ অৱনমিত হয় আৰু ৰিয়ান পৰাগ তৃতীয় স্থানলৈ। সম্প্ৰতি শীৰ্ষত থকা বিৰাটৰ ৰান হ'ল ৩খন মেচত ১৮১ৰান।

Also Read: ৰঙিয়াত কামৰূপ জিলা সাহিত্য সভাৰ কুঁহি অনুষ্ঠান

IPL2024 riyan parag virat kohli