/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/22d74a67-6a8f-458b-8dfa-8f852fbf00c1/98.jpg)
ডিজিটেল ডেস্ক : শেষ বিন্দুলৈকে যুঁজ দি অৱশেষত ৮ বছৰৰ অন্তত পাকিস্তানৰ বিৰুদ্ধে শ্ৰীলংকাৰ জয়লাভ। এছিয়া কাপ ২০২৩ৰ আয়োজক দেশ তথা এদিনীয়া ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানক ২ উইকেইটৰ ব্যৱধানত ডি এল এছ পদ্ধতিত পৰাস্ত কৰি শ্ৰীলংকাই প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/eed08455-11bf-4b61-96d3-36d60880e6c9/F6Dr_zZaoAA7mfD.webp)
বৃহস্পতিবাৰে চুপাৰ-৪ৰ মেচখনত পোনতে পাকিস্তানে বেট ধৰি ৪২ অ'ভাৰত ৭উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কুশল মেণ্ডিছ আৰু আছালাংকাৰ সময়োপযোগী বেটিঙৰ সহায়ত অন্তিম বলত শ্ৰীলংকাই বিজয় সাব্যস্ত কৰে।
ফলত এছিয়া কাপৰ পৰা বিদায় মাগে আয়োজক দেশ পাকিস্তান। এই জয়ৰ সুবাদতে ১৭ ছেপ্তেম্বৰত অনুষ্ঠিতব্য ফাইনেল মেচখনত শ্ৰীলংকা ভাৰতৰ মুখামুখী হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/34ab5e37-fce3-496a-9998-5c4ed9d4edc4/F6DtiMRa4AAoOEK.webp)
ইফালে শুকুৰবাৰে প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত নিয়ম ৰক্ষাৰ মেচখন ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হয়। বাতৰি লিখা পৰলৈকে বাংলাদেশে ৩টা উইকেট হেৰুৱাই ২৯ ৰানত বেটিং কৰি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0b07b3ec-566d-429c-8f9d-f5309a903001/F6DeA8pakAAcweJ.jpg)
অৱশ্যে এই মেচখনত বিৰাট কোহলিক বিশ্ৰাম দি সূৰ্যকুমাৰ যাদৱক খেলোৱা হৈছে। আনহাতে বুমৰাহৰ স্থানত প্ৰসিদ্ধ কৃষ্ণক খেলোৱা হৈছে। ভাৰতৰ হৈ সম্প্ৰতি ছাৰ্দুল ঠাকুৰে ৩ অ'ভাৰত ১৮ ৰান খৰচ কৰি ২টা উইকেট লাভ কৰে। আনহাতে আজিৰ এই মেচখনৰ জৰিয়তে তিলক বাৰ্মাই এদিনীয়া ক্ৰিকেটত অভিষেক ঘটাই। তেওঁক জাতীয় এদিনীয়া ক্ৰিকেট দলৰ টুপি প্ৰদান কৰে অধিনায়ক ৰোহিত শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ae0b70b2-ce7a-43df-86c3-ea820e06934f/F6DeL59aQAAJylI.jpg)
Also Read: সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক অবিভক্ত কামৰূপ সাহিত্য,লোক-সংস্কৃতি মঞ্চৰ সম্বৰ্ধনা