/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/792f11cb-8189-4a9c-a2ac-330cca9b1228/AP_FOR_WEB_JB.jpg)
ডিজিটেল ডেস্ক : অসমীয় ভাষা-সাহিত্য তথা সংস্কৃতিৰ অন্যতম অগ্ৰণী অনুষ্ঠান হৈছে 'অবিভক্ত কামৰূপ সাহিত্য,লোক-সংস্কৃতি মঞ্চ'। মহানগৰীৰ গণেশগুৰিৰ জানকী পথস্থিত এই অনুষ্ঠনটোৰ সভাপতি,সম্পাদককে প্ৰমুখ্য কৰি এটা প্ৰতিনিধি দল শুকুৰবাৰে সাদিন-প্ৰতিদিনৰ মুখ্য কাৰ্যালয়লৈ আহি বিশেষ সম্বৰ্ধনা জ্ঞীপন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0a52234d-2c56-4c64-a9ee-5f108d8bf534/53ef3a03_0545_4592_ad21_aec74839906d.jpg)
জয়ন্ত বৰুৱাৰ শেহতীয়া কাম-কাজৰ প্ৰতি সন্মান জনাই তেখেতক এই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা বুলি জানিবলৈ দিয়ে কৰ্মকৰ্তাসকলে। অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি বৰুৱাই আগবঢ়োৱা উল্লেখনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ফুলাম গামোচা,চেলেং,প্ৰশস্তি পত্ৰ আদিৰে সংস্থাটোৱে সম্বৰ্ধনা জ্ঞাপন কৰে জয়ন্ত বৰুৱাক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f0ca808e-dd3a-4351-8d71-6970c8aaa2f5/769d03fc_2e43_4e96_87ab_827e2eed5d3f.jpg)
জয়ন্ত বৰুৱাই শেহতীয়াকৈ হেমকোষৰ ব্ৰেইল সংস্কৰণৰ প্ৰকাশেৰে অন্ধ শিক্ষাৰ্থী বাবে পোহৰৰ বাট মুকলি কৰি দিয়াৰ প্ৰয়াসক অনুষ্ঠানটোৱে শলাগ লয়। আনহাতে হেমকোষ ব্ৰেইল সংস্কৰণে গীনিজ বুকত স্থান লাভ কৰি বিশ্বৰ মানচিত্ৰত অসমক এক সুকীয়া মাত্ৰা প্ৰদান কৰিলে বুলি উল্লেখ কৰি তেখেতক অনুষ্ঠানটোৱে কৃতজ্ঞতা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5ce428cf-65da-4f46-97fe-3e77c1328a83/a74e96e2_3d0e_4086_a8af_63250a7321bc.jpg)
ইফালে পৱিত্ৰ পূৰ্ণিমা তিথিত হৈ যোৱা ৰক্ষা বন্ধনৰ লগত সংগতি ৰাখি 'অবিভক্ত কামৰূপ সাহিত্য,লোক-সংস্কৃতি মঞ্চ'ই অধ্যক্ষ জয়ন্ত বৰুৱাক ৰাখী বন্ধনৰ ওলগ জনাই এখন শুভেচ্ছা পত্ৰ প্ৰদান কৰে। সম্বৰ্ধনা অনুষ্ঠানটিত 'অবিভক্ত কামৰূপ সাহিত্য,লোক-সংস্কৃতি মঞ্চ'ৰ সভাপতি নৰেন হাজৰিকা,শৰৎ চন্দ্ৰ হালৈকে ধৰি কেইবাজনো সদস্য উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fdc19adc-b2f3-4eb7-9762-d1b4acbbe5f1/fb696c9e_c905_4f92_86fe_b119790c806a.jpg)
Also Read: পঞ্চভূতত বিলীন দিলীপ কুমাৰ হাজৰিকা