
ডিজিটেল ডেস্ক : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ সকলক লৈ তৈয়াৰ কৰা এই দলটোৱে কিন্তু আই পি এলত এতিয়ালৈ সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই বিভিন্ন কাৰণত । যাৰ বাবে দলটোক বহুতে এতিয়া চ'কাৰ্ছ নাম দিবলৈ বাধ্য হৈ পৰিছে । দক্ষিণ আফ্ৰিকাৰ দৰেই সমস্যা দলটিৰ । গুৰুত্বপূৰ্ণ খেল সমূহত উন্নত প্ৰদৰ্শন দেখুৱাত বিফল দল ।
যদিও বিগত নিশাৰ খেলখন তুলনামূলকভাৱে গুৰুত্বপূৰ্ণ নাছিল কিন্তু ব্যৰ্থতাৰ ধাৰা বিগত বৰ্ষৰ আই পি এল সমূহৰ দৰেই অব্যাহত ৰাখিলে আৰ চি বিয়ে । কলকাতা নাইট ৰাইডাৰ্ছৰ বিধ্বংসী বলিঙৰ সন্মুখত তিষ্ঠিৱ নোৱাৰিলে কোনো এজন বেটছমেনেই ।
দলটোৰ অপেনিং আৰু মিডল অৰ্ডাৰক নিমিষতে তচনচ কৰি দিছিল তিনিগৰাকী ব'লাৰে । ক্ৰমে বৰুণ চক্ৰৱৰ্তী, সুয়াস শৰ্মা আৰু সুনিল নাৰিন । বৰুণ চক্ৰৱৰ্তী আৰু সুনিল নাৰিন অভিজ্ঞ খেলুৱৈ । ইতিমধ্যে আই পি এলৰ পূৰ্বৰ খেল সমূহৰ অভিজ্ঞতাৰে পুষ্ট খেলুৱৈ দুগৰাকীৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ চাপ বৰ বিশেষ সমস্যা নাছিল ।
কিন্তু এই দুগৰাকীৰ লগতেই হাত উজান দিছিল ১৯ বছৰীয়া এক যুৱকে । যাৰ বাবে ২০২৩ বৰ্ষৰ আই পি এল আছিল প্ৰথম আই পি এল । অভিষেক খেলতেই ল'লে দিনেশ কাৰ্তিক, অনুজ ৰাৱাট আৰু কৰ্ণ শৰ্মাৰ উইকেট । ১৯ বছৰীয়া এগৰাকী খেলুৱৈ সন্ত্ৰাসৰ কাৰণ হৈ পৰিল এই অভিজ্ঞ খেলুৱৈসকলৰ বাবে । ৪ অভাৰত ৩০ ৰান দি ল'লে ৩টা উইকেট । কিন্তু কোন এই সুয়াস শৰ্মা ?
সুয়াস শৰ্মা হৈছে ১৯ বছৰীয়া দিল্লীৰ যুৱক । যাক কলকাতা নাইট ৰাইডাৰ্ছে কেৱল ২০ লাখ টকাত ক্ৰয় কৰিছিল । আমোদজনকভাৱে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হোৱা খেলখনৰ মূল একাদশত নাছিলেই সুয়াসৰ নাম । ভেংকাটেশ আয়াৰৰ ঠাইত হে নিৰ্বাচন কৰা হ'ল সুয়াস শৰ্মাক । তাৰ পাছতেই সমগ্ৰ দেশবাসীক আচৰিত কৰি তুলিলে সুয়াসে ।