মৰ্মান্তিক! ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল পিতৃ আৰু ৩ সন্তানৰ...

স্থানীয় লোকসকলে ট্ৰেক্টৰখন জ্বলাই দিয়ে আৰু আৰক্ষীৰ বাহনলৈও শিলগুটি নিক্ষেপ কৰে।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

ডিজিটেল ডেস্কঃ এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ গল এটা পৰিয়ালৰে ৪ জনকৈ লোকৰ। বৃহস্পতিবাৰে নিশা টেম্পোৰ সৈতে হোৱা ট্ৰেক্টৰৰ সংঘৰ্ষত প্ৰাণ গ'ল পিতৃ আৰু ৩ সন্তানৰ।এই ঘটনা ৰাজস্থানৰ আলৱাৰ। এই দুৰ্ঘটনাত মৃত লোক জনৰ পত্নীও আহত হয়।

Advertisment

ঘটনাটোৰ পাছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰে। স্থানীয় লোকসকলে ট্ৰেক্টৰখন জ্বলাই দিয়ে আৰু আৰক্ষীৰ বাহনলৈও শিলগুটি নিক্ষেপ কৰে। ঘটনাস্থলী ইমানেই উত্তপ্ত হৈছিল যে আৰক্ষীয়ে নিশা মৃতদেহ লৈ যাব নোৱাৰিলে।

জানিব পৰা মতে, টেম্পো চালকজনে তেওঁৰ পৰিয়ালৰ সৈতে ঘৰলৈ গৈ থকাৰ অৱস্থাতেই ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি পথ দুৰ্ঘটনাত মুৰাৰী ৰাও(৪০) আৰু তেওঁৰ দুই পুত্ৰ আৰু কন্যা সন্তানৰ মৃত্যু হয়। লগতে গুৰুতৰ ভাৱে আহত হোৱা মুৰাৰীৰ পত্নী এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Also Read: চাকৰি দিয়াৰ চলেৰে মাতি নি ৯ যুৱকে ধৰ্ষণ কৰিলে মহিলাক...

road accident