/asomiyapratidin/media/media_files/2025/08/13/1-2025-08-13-13-07-41.jpg)
যুক্তৰাজ্যলৈ আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এখন ফ'টোৱে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল। কেৱল প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবেই নহয়, তেওঁৰ পিছফালে নিৰৱে অথচ আত্মবিশ্বাসেৰে থিয় হৈ থকা এগৰাকী মহিলা বিষয়াৰ বাবে চৰ্চিত হৈ পৰিছিল সেই ফ'টোখন। ফ্ৰেমত ক’লা এছ পি জি ইউনিফৰ্ম পৰিহিত, দেশৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত নিয়োজিত কোন এইগৰাকী আদাছ' কাপেছা? পঢ়ক চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদনত...
প্ৰধানমন্ত্ৰীক নিৰাপত্তা প্ৰদানৰ দায়িত্ব দিয়া ভাৰতৰ আটাইতকৈ অভিজাত নিৰাপত্তা বাহিনী বিশেষ সুৰক্ষা গোট (এছ পি জি)ৰ প্ৰথমগৰাকী মহিলা বিষয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মণিপুৰৰ সেনাপতি জিলাৰ কাইবি গাঁৱৰ গৌৰৱৰ প্ৰতীক হৈ পৰা মহিলা গৰাকী হৈছে আদাছ' কাপেছা। কাপেছাৰ এই যাত্ৰা যিমানেই উল্লেখযোগ্য সিমানেই ঐতিহাসিক।
প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীক এগৰাকী মহিলা বিষয়াই নিৰাপত্তা প্ৰদান কৰা এই ক্ষণটো আছিল নিৰাপত্তা বাহিনীৰ ইতিহাসত এক উল্লেখযোগ্য মুহূৰ্ত। পুৰুষ প্ৰধান দেশৰ মহিলা হিচাপে আদাছ' কাপেছা হৈ পৰিছে এক আদৰ্শ। এছ পি জিত কাপেছাৰ অন্তৰ্ভুক্তিক প্ৰেৰণাদায়ক বুলি একেমুখে ক'ব পাৰি।
মণিপুৰৰ স্থানীয় বিদ্যালয় এখনৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি তাৰ পিছত সশস্ত্ৰ সীমা বল (SSB)ত যোগদান কৰিছিল কাপেছাই। এছ এছ বিৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি উত্তৰাখণ্ডৰ পিথোৰাগড়ত ৫৫ নং বেটেলিয়নত তেওঁ সুখ্যাতিৰে সেৱা আগবঢ়ায়।
ব্যতিক্ৰমী প্ৰদৰ্শন, অনুশাসন আৰু অধ্যৱসায়ৰ বাবে কাপেছাই জ্যেষ্ঠ বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। যাৰ ফলত তেওঁ দেশৰ শীৰ্ষ নেতৃত্বক সুৰক্ষা দিয়া মূল নিৰাপত্তা দলত স্থান লাভ কৰিছিল।কমাণ্ডো প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত তেওঁ এছ পি জিলৈ নিৰ্বাচিত হৈছিল।
উল্লেখ কৰা প্ৰয়োজন যে, এছ পি জিত নিযুক্তি লাভ কৰাতো এক গধুৰ দায়িত্ব। ই ভাৰতৰ আটাইতকৈ অভিজাত নিৰাপত্তা ইউনিট, যিয়ে কেৱল প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ বাবে দায়বদ্ধ। এছ পি জিত নিৰ্বাচনৰ বাবে অস্ত্ৰ প্ৰশিক্ষণ, যুদ্ধ কলা, বোমা নিষ্ক্ৰিয় কৰা আৰু গোপন অভিযানৰ বাবে প্ৰস্তুতিকে ধৰি কঠিন শাৰীৰিক আৰু মানসিক পৰীক্ষাৰ প্ৰয়োজন হয়।
আদাছ' কাপেছাই ২০২০ চনত এছ পি জি কমাণ্ডো প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ২০২৪ চনত প্ৰধানমন্ত্ৰীৰ মূল নিৰাপত্তা দলত যোগদান কৰিছিল। ইনডাকচন প্ৰক্ৰিয়াৰ সৈতে পৰিচিত বিষয়াসকলে কাপাছাৰ এই সফলতা সন্দৰ্ভত কয় যে, এছ পি জিত যোগদান কৰাটো সাধাৰণ কথা নহয়। ই কেৱল দেশৰ শ্ৰেষ্ঠ প্ৰশিক্ষিত কৰ্মীয়েহে পিন্ধা বেজ।
উল্লেখযোগ্য যে, ১৯৮৪ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক নিজ দেহৰক্ষীয়ে হত্যা কৰাৰ পিছত ১৯৮৫ চনত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে এছ পি জি গঠন কৰা হৈছিল। ভাৰতীয় আৰক্ষী সেৱা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমা বলকে ধৰি বিভিন্ন সশস্ত্ৰ ইউনিটৰ পৰা এছ পি জিৰ জোৱান নিযুক্তি দিয়া হয়। বিশেষ সুৰক্ষা গোটৰ জোৱানসকলে কঠোৰ সশস্ত্ৰ আৰু নিৰস্ত্ৰ যুদ্ধ প্ৰশিক্ষণ গ্ৰহণ কৰে।
বৰ্তমান এছ পি জিত ডেপুটেচনত থকা আদাছ' কাপেছাৰ নিযুক্তি কেৱল এছ পি জিৰ ইতিহাসৰ এক ঐতিহাসিক মাইলৰ খুঁটি নহয়, ইয়াৰ দ্বাৰা বুজা যায় যে বৰ্তমান মহিলা সকলো ভাৰতৰ শীৰ্ষ নিৰাপত্তা দলৰ অংশ হ’ব পাৰে।
এছ পি জিত কাপেছাৰ নিযুক্তি কেৱল তেওঁৰ ব্যক্তিগত সাফল্য নহয়, ই ভাৰতৰ নিৰাপত্তা ব্যৱস্থাত মহিলাসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণৰ প্ৰতীক। বিশেষকৈ প্ৰধানমন্ত্ৰী মোডীৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত সামাজিক মাধ্যমত তেওঁৰ ফ'টোৱে চৰ্চা লাভ কৰিছে। মানুহে তেওঁক ‘নাৰী শক্তি’ আৰু ‘ৰাষ্ট্ৰীয় গৌৰৱ’ বুলি প্ৰশংসা কৰিছে।
এক্স হেণ্ডেলত বহু লোকে কাপেছাক শুভেচ্ছা জনোৱাৰ লগতে লিখিছিল যে, "মণিপুৰৰ পাহাৰৰ পৰা এছ পি জি গোটলৈ... পৰিদৰ্শক আদাছ' কাপেছাৰ যাত্ৰা গৌৰৱময় আৰু সম্ভাৱনাপূৰ্ণ। তেওঁৰ আত্মা আৰু সেৱাক চেল্যুট!"
বিশেষকৈ মণিপুৰ আৰু উত্তৰ-পূব ভাৰতৰ লোকসকলে আদাছ' কাপেছাৰ এই কৃতিত্বক লৈ গৌৰৱ অনুভৱ কৰিছে। মণিপুৰৰ এখন সৰু গাঁৱৰ পৰা প্ৰধানমন্ত্ৰীৰ ঠিক কাষতে নিৰাপত্তাৰক্ষী হিচাপে থিয় হৈ থকা কাপাছাৰ এই যাত্ৰাই দৃঢ়তা, অনুশাসন আৰু সাহসে কেনেকৈ শীৰ্ষলৈ লৈ যাব তাৰ এক উজ্জ্বল উদাহৰণ।